মেষ ৰাশিঃ আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।তেনেহ’লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ’ব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ’ব। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভুতি বোৰ প্ৰকাশ কৰিব পাৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হ’ব পাৰে।
বৃষ ৰাশিঃ সন্তান আপোনাৰ মতে নচলিব যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত,কাৰণ খঙ সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে, অকল সমস্যা বাঢ়ি যায়। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হ’ব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। পঢ়া-শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সান মিহলি হৈ যাব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত সিহতঁৰ আজি যথেষ্ঠ লাভ হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশিৰ জাতক সকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ’ব কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হ’ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে।
মিথুন ৰাশিঃ অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হ’ব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ’ব। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।
কৰ্কট ৰাশিঃ আপোনাৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ যাম কামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব । জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব ।নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে,লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক’ব নহ’লে পিছলৈ পৰিতাপ কৰিবলগীয়া হ’ব পাৰে। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ’ব। ৰাতি অফিচৰ পৰা আহোঁতে সাৱধানে বাহন চলাব নহলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি বহুত দিনলৈ বেমাৰ হ’ব পাৰে। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে।
সিংহ ৰাশিঃ দাতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, সোনকালে আৰাম পাবলৈ ভাল চিকিৎসকক অৱগত কৰাওক আৰু উপদেশ মতে চলক। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনঃ জীৱিত কৰি তুলিব। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সান মিহলি হৈ যাব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুল বোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়া খিনিক অধিক বেঙুনীয়া দেখিব।
কন্যা ৰাশিঃ আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। যদি আপুনি প্ৰত্যেকৰে আশা-আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে,তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফতাই দেখিব । নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক ,কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। নতুন প্ৰস্তাৱ আকৰ্ষক হ’ব কিন্তু সোনকালে নিৰ্ণয় ল’ব যোৱাটো বুধিয়কৰ কাম নহয়। আজি আপুনি নিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হ’ব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।
তুলা ৰাশিঃ স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ’ব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হ’ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হ’ব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। আপোনাৰ মানৱীয় মূল্য আৰু ধনাত্মক ব্যৱহাৰ কেৰিয়াৰৰ দিশত আপোনাক সফলতা প্ৰদান কৰিব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!
বৃশ্চিক ৰাশিঃ আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। সাধাৰনতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে কিন্তু আজি আপুনি কোনোবা অভাৱীলোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ’ব। যদি আপুুনি আদেশ দিব চেষ্টা কৰিব তেনেতে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।
ধনু ৰাশিঃ আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টীৰ পৰা আৰ্থিক লাভ হ’ব পাৰে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক,সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থ বাদী হয় আৰু সিহঁতক যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। আহিব লগা সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হ’ব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। আজি আপোনাৰ বৰিষ্ঠ সকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।
মকৰ ৰাশিঃবাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ’ব । মহলত থকা দৰে জীৱন শৈলীয়ে আপোনাক সদায় চিন্তিত কৰি ৰাখিব যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব ,এই স্বভাৱ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ’ব পাৰে। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব কৰি বিচাৰে তেন্তে কোনো তৃতীয়ৰ প্ৰলোভনত ভোল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব।
কুম্ভ ৰাশিঃ প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰষা কৰি নাথাকিব সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ’ব। আপোনাৰ জীৱন সংগী সম্ভৱত কাম-কাজক কৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ’ব।
মীন ৰাশিঃ আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। সন্তানৰ লগত অধিক ৰুক্ষতা ভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ আৰু নিজৰ মাজত দেৱাল এখন থিয় কৰাব পাৰে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হ’ব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। আজি খালী সময়ত আপুনি নিজৰ পচন্দ মতে কাম কৰিব বিচাৰিব কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি ল’ব পাৰিব।