মেষ ৰাশিঃ ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হ’ব পাৰে। যেতিয়া আপুনি নিঃসংগতা অনুভৱ কৰিব পৰিয়ালৰ সহায় লওক। ই আপোনাক অৱসাদৰ পৰা বচাব লগতে আপোনাক বেছি গম্ভীৰ নিৰ্ণয় লোৱাত সহায় কৰিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ’ব পাৰে আৰু সমস্যাৰ সন্মূখীন হ’ব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। আপোনালোকৰ মাজৰ কিছুমান লোকে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হ’ব পাৰে , যি বহুত ভাগৰ লগাই দিব পাৰে কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলিও প্ৰমাণিত হ’ব। আপোনাৰ জীৱন সংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি আৰামকৈ বিশ্ৰাম ল’ব নোৱাৰিব কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয়ই আপোনাক বিশ্ৰাম ল’ব নিদিব, অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাল অংশও থাকে ,এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুত্বৰ এনাজৰী ডাল শক্তিশালী কৰিব পাৰে আৰু পিছত ইয়াৰ পৰা আপুনি লাভান্বিতও হ’ব পাৰে।
প্ৰতিকাৰ :- আৰ্থিক স্থিতি সবল কৰিবলৈ দুখীয়াক ভাত–তৰকাৰী খুৱাওক আৰু নিজেও খাওক।
বৃষ ৰাশিঃ ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ’ব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব ৷ কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। সৰু ভাইটীৰ লগত ফুৰিব যাব পাৰে, ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ’ব।
প্ৰতিকাৰ :- কাঁহৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আৰ্থিক স্থিতি সবল হ’ব।
মিথুন ৰাশিঃ আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিক ভাৱে সুস্থ হোৱা বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে কিন্তু ! জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ’ব। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। আজিৰ দিনাখন একো কৰিব নালাগে ,অকল নিজৰ অস্তিত্বৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদ সূচক মনোভাৱেৰে থাকক ,আৰু নিজকে দৌৰা-দৌৰি কৰাৰ বাবে বাধ্য নকৰিব।
প্ৰতিকাৰ :- একোৰিয়াম ত এটা ক’লা আৰু সোণালী মাছ ৰাখিলে আপোনাৰ প্ৰেম অধিক সুদৃঢ় হ’ব।
কৰ্কট ৰাশিঃ আজি খেল ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপুনি বিবাদযুক্ত বিষয় সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক ,যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব। সৰু ব্যৱসায়ীসকল আজি কৰ্মচাৰীসকলক সুখী কৰিবলৈ পাৰ্টীৰ আয়োজন কৰিব পাৰে।
প্ৰতিকাৰ :- ইষ্টদেৱতাৰ লোৰ মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব।
সিংহ ৰাশিঃ আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হ’ব আৰু আপোনাক সদায় সুখী ৰাখিব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মক ভাৱে সহায় কৰিব পাৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হ’ব। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই ল’ব পাৰিছে তেন্তে বহুত কাম সম্পূৰ্ণ হ’ব পাৰে আজি।
প্ৰতিকাৰ :- যিকোনো কামৰ বাবে বাহিৰত যোৱা সময়ত কপালত ৰঙা টিকা পৰিধান কৰি গ’লে আৰ্থিল পক্ষ সবল হয়।
কন্যা ৰাশিঃ শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ ৰেহ-ৰূপ উজ্বলি উঠাত সহায় হ’ব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে ।এই সমস্যা দূৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক।
প্ৰতিকাৰ :- ঘৰত গোলাপ ফুলৰ গছ ৰুই তাৰ প্ৰতিপালন কৰিলে আপুনি এটা নতুন জীৱন শক্তি লাভ কৰিব।
তুলা ৰাশিঃ শিশুৱে আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিন বোৰক সামৰণি মৰাৰ দিন আহি গৈছে তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত । আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আপোনাৰ স্বভাৱক অস্থিৰ হব নিদিব, বিশেষকৈ আপোনাৰ পত্নী/পতিৰ লগত ,নহ’লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আজিৰ দিনটো প্ৰেমৰ ৰংত ৰঙীন হ’ব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হ’ব পাৰে। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহতঁৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ’ব যে আপুনি জীৱনৰ বহুত মুহুৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলিব গৈ। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। ঘৰৰ বৰিষ্ঠজনে আজি আপোনাক কিছুমান জ্ঞানৰ কথা ক’ব আৰু আপুনি তেখেতৰ কথা মনোযোগ দি শুনিবও আৰু নিজৰ জীৱনত উপদেশ বোৰ কামতো লগাব।
প্ৰতিকাৰ :- পাৰিবাৰিক জীৱন ভালে ৰাখিবলৈ মহিলাক সদায় সন্মান কৰিব কদাপিও কষ্ট নিদিব।
বৃশ্চিক ৰাশিঃ মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ’ব যাৰ ফলত আৰ্থিক সমস্যতো নিশ্চয় হ’ব কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হবলগা সমস্যাৰ পৰা ৰেহাই দিব। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈয়ো অধিক ভাল পায় । ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ’ব। সেইবোৰ লোকৰ কথালৈ মন বেয়া নকৰিব যাৰ কোনো গুৰুত্ব আপোনাৰ জীৱনত নাই।
প্ৰতিকাৰ :- মাংস, মদ, হিংসা , অন্যক কষ্ট দিয়া , নিন্দা এইবোৰ ত্য়াগ কৰিলে আপোনাৰ স্থিতি আৰ্থিক ভাৱে শুভ হ’ব।
ধনু ৰাশিঃ আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ’ব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব ,কিন্তু পইচাক পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনা সমূহত বাধা আহি পাব পাৰে। নতুুন ৰূপ-ৰং, নতুন কাপোৰ ,নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। ৰাতি অফিচৰ পৰা আহোঁতে সাৱধানে বাহন চলাব নহলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি বহুত দিনলৈ বেমাৰ হ’ব পাৰে। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। কাকো অৱগত নকৰাকৈ আজি আপুনি ঘৰত সৰু সুৰা পাৰ্টী পাতিব পাৰে।
প্ৰতিকাৰ :- সৎ অভ্যাস বোৰ মানি চলক আৰু ভাল চৰিত্ৰ থাকিলে স্বাভাৱিকতেই পৰিয়ালত সুখ নামি আহিব।
মকৰ ৰাশিঃ আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সূক দৰ্শকৰ দৰে বহি নথকা টোয়ে শ্ৰেয় হ’ব । আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ’ব ,কিন্তু আৱশ্যকীয় চিনাকি হ’বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ’ব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব । আজি যদি আপোনাৰ কাম বেছি নাই তেন্তে আপুনি ঘৰৰ বস্তুৰ মেৰামতি কৰাত সময় দিব পাৰে।
প্ৰতিকাৰ :- আৰ্থিক স্থিতি সবল ৰাাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ ল’কাৰত থৈ দিব।
কুম্ভ ৰাশিঃ দূৰণি বটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হ’ব পাৰে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ’ব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰোফেশ্বনাল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গ’ল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।
প্ৰতিকাৰ :- প্ৰেমৰ সম্পৰ্কত অধিক ভাল পোৱাৰ সঞ্চাৰ কৰিবৰ বাবে প্ৰেমিকা অথবা প্ৰেমিকাক সময়ে সময়ে ৰঙা ৰংৰ বস্ত্ৰ উপহাৰ হিচাপে আগ বঢ়াব পাৰে।
মীন ৰাশিঃ আজি এটা বিশেষ দিন, কাৰণ শাৰীৰিক ভাৱে সুস্থ হোৱা বাবে আপুনি কিছুমান অসাধাৰণ কাম কৰিব ক্ষমতা লাভ কৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰম সমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। অপ্ৰত্যাশিত দুৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। আপোনাৰ কোনোবা বন্ধুই আজি আপোনাৰ খুবেই প্ৰশংসা কৰিব পাৰে।
প্ৰতিকাৰ :- আৰ্থিক লাভৰ বাবে পিতা অথবা পিতৃসম ব্যক্তিক সূৰ্যৰ কাৰক বস্তু ( গুৰ, ঘেঁহু,দালিয়া, ৰঙা জলকীয়া , কেশৰ ) দি বনোৱা আহাৰ গ্ৰহণ কৰাব।