মেষ ৰাশিঃ স্বাস্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ’ব পাৰে। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে,লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত।যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক, যিকোনো কথা জোৰ-জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে ।
শুভ সংখ্যা :- ৫
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
প্ৰতিকাৰ :- প্ৰেম জীৱন অধিক সহজ আৰু মধুৰ কৰিবৰ বাবে দূৰ্গা দেৱীৰ মন্দিৰত প্ৰসাদ নিবেদন কৰক।
বৃষ ৰাশিঃ কিছুুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিত ভাৱে আকৰ্ষণীয় কৰি তুলিব। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তু সমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। আজি আপুনি আপোনাৰ উদ্দেশ্যক সফল কৰাত সফল হ’ব ,যদি কামটো কৰিবৰ বাবে বেলেগৰ সহায় লয় যদি। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
শুভ সংখ্যা :- ৪
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
প্ৰতিকাৰ :- অচ্যুতম কেশৱম বিষ্ণু হৰি সত্যম জনাৰ্দনম । হ্ংসম নাৰায়াণম চৈৱমেতন্নমাষ্টকম পটেত। বিষ্ণু ভগৱানৰেই ৮ নামৰ জাপ কৰিলে আৰ্থিক উন্নতি হ’ব।
মিথুন ৰাশিঃ আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। দিনৰ আৰম্ভণি যদিও ভাল ভাৱে হ’ব কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হ’ব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ’ব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। মনৰ নিকটতম মানুহকেইজনৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু আপুনি এইটো কামত অসক্ষম হ’ব। আপোনাৰ মৰম আৰু ভাল পোৱা -আপোনাৰ জীৱন লগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে।
শুভ সংখ্যা :- ২
শুভ ৰং :- ৰূপালী আৰু বগা
প্ৰতিকাৰ :- আৰ্থিকৰূপে সফল হ’বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পখীক খুৱাওক।
কৰ্কট ৰাশিঃ আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ বন্ধু বৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।
শুভ সংখ্যা :- ৬
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া
প্ৰতিকাৰ :- ঔমঃ বূঁ বূদ্ধায় নমঃ মন্ত্ৰৰ জাপ পুৱা –গধূলি ১১ বাৰ কৰিলে স্বাস্থ্য ভালে থাকিব।
সিংহ ৰাশিঃ উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ’ব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ’ব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মূখীন হ’ব পাৰে। আজি আপুনি এটা টীমৰ নেতৃত্ব প্ৰদান কৰাৰ দৰে শক্তিশালী স্থিতিত থাকিব আৰু অক্ষ্যত উপনীত হবলৈ মিলি-জুলি কাম কৰক। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুছি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হ’ব পাৰে।কিন্তু জীৱন সংগীৰ ফালেদি এই বোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব।
শুভ সংখ্যা :- ৪
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
প্ৰতিকাৰ :- হনুমান মন্দিৰত গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব।
কন্যা ৰাশিঃ ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। অফিচৰ কথা যদি কয় তেনেতে আজি আপোনাৰ টীমৰ সকলোঅতকৈ অধিক অস্থিৰ ব্যক্তি আজি বহুত বুধিয়কৰ দৰে কথা কব। সেইসকল লোকৰ লগত মিলা-প্ৰীতি কমাই দিওঁক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায় , আজি আপুনি এইবোৰৰ সন্মুখীন হ’ব পাৰে।
শুভ সংখ্যা :- ২
শুভ ৰং :- ৰূপালী আৰু বগা
প্ৰতিকাৰ :- কোনো জীৱ জন্তুক অকাৰণভাৱে কষ্ট নিদিব আৰু জীৱহত্যাৰ পৰা দূৰত থাকক । নিৰামিষাহাৰী হোৱাটো স্বাস্থ্য ৰ লগতে পৰিৱেশৰ বাবেও ভাল , এইবোৰ কথা মানি চলিলে প্ৰেম সম্বন্ধ অধিক মধুৰ হ’ব ।
তুলা ৰাশিঃ আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ’লে আপুনি কিবা কৰি দেখুৱাব লাগিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। আপোনাৰ প্ৰেমৰ এই সমন্ধত যেন এক যাদু আছে ,ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। এনেকুৱা কাম হাতত লওক ,যি সৃজনাত্মক প্ৰকৃতিৰ হওক । নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ’ব।
শুভ সংখ্যা :- ৫
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
প্ৰতিকাৰ :- বগা ৰঙৰ গাই গৰুক ৰুটী খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব।
বৃশ্চিক ৰাশিঃ নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। পূৰণি বন্ধু সহায়কাৰী আৰু সহযোগী বুলি প্ৰমাণিত হ’ব। আপুনি নিজৰ প্ৰিয়জনৰ বাহুত আৰাম অনুভৱ কৰিব। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। অৱসৰ সময়ত আজি আপুনি খেল ধুলা কৰিব পাৰে কিন্তু খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হব পাৰে ,সেই আগৰ দৰে ঘুৰি ফুৰা, হাঁহি -ধেমালি ,আৰু ফূৰ্তি ইত্যাদি বোৰে আপোনালোকৰ বাবে উপহাৰ।
শুভ সংখ্যা :- ৭
শুভ ৰং :- মাখন আৰু বগা
প্ৰতিকাৰ :- আপোনাৰ নিত্য নৈমিত্তিক ধৰ্মীয় কাজ কৰ্মত বগা চন্দন আৰু গোপীচন্দন ,সেন্দুৰৰ লগত ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক সম্পদৰ বৃদ্ধি হ’ব।
ধনু ৰাশিঃ অন্যৰ ইচ্চাৰ লগত আপোনাৰ ইচ্চা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি হ’ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰন কৰক আৰু অফিচত সকলোৰে লগত ভাল ব্যৱহাৰ কৰক ,যদি আপুনি এনেকুৱা নকৰে তেন্তে আপোনাৰ চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ’ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ’ব লাগে। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। তেতিিয়ালৈকে আপোনাৰ বৰিষ্ঠক সেই ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱন লগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই-কাজিয়া নহ’ব অকল প্ৰেমৰ বাহৰ হ’ব।
শুভ সংখ্যা :- ৪
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
প্ৰতিকাৰ :- সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক ,আৰু গৰুক জোৱাৰৰ দানা দান কৰক।
মকৰ ৰাশিঃ কোনোবাই আপোনাৰ মন আজি বেয়া কৰিব পাৰে,কিন্তু এনেকুৱা বস্তুৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰক ।ব্যৰ্থ চিন্তা আৰু অসুবিধা সমূহ শৰীৰত নঞাৰ্থক প্ৰভাৱ পেলাব পাৰে আৰু চেহেৰাৰ লগত জড়িত সমস্যা হ’ব পাৰে। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপোনাৰ চকু উজ্বল হ’ব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
শুভ সংখ্যা :- ৪
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
প্ৰতিকাৰ :- শুদ্ধ মৌৰ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকে।
কুম্ভ ৰাশিঃ আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক, এইটোয়ে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক । আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব,কাৰণ হ’ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে ,আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে ,যিবোৰ ব্যক্তি আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱন সংগীয়ে ইমান এটা সহযোগ নিদিব।
শুভ সংখ্যা :- ১
শুভ ৰং :- সুমথিৰা আৰু সোণালী
প্ৰতিকাৰ :- প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে ৰঙা ৰঙৰ ফুল তামৰ ফুলদানিত ৰাখক।
মীন ৰাশিঃ সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ’ব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
শুভ নম্বৰ :- ৮
শুভ ৰং :- ক’লা আৰু নীলা
চিকিৎসা :- অৰ্থ লাভৰ বাবে গা-ধোৱা পানীত গংগাজল মিহলাই ল’ব।