মেষ ৰাশি: দিনৰ আৰম্ভণি আপুনি যোগ-প্ৰানায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনৰ বাবে লাভদায়ক হব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।
বৃষ ৰাশি: ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শন্তি ভংগ কৰিব পাৰে।মানসিক হেচাৰ পৰা হাত সাৰিবলে বাহিৰা কিতাপ পঢ়ক। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। আপোনাৰ জ্ঞান পিপাসু মন টোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হব। আজি সম্ভৱপৰ হব পাৰে যে আপুনি আৰু আপোনাৰ জীৱন লগৰী আজি বহুত খৰছ কৰিব পাৰে ,তদুপৰি আপুনি এই সময়খিনিৰ ভাল কৈয়ে মজা লব পাৰিব।
মিথুন ৰাশি:বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ু তন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনা সমূহক নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হব। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেঅক সেই কাম কৰাৰ বাবে চাপ নিদিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।
কৰ্কট ৰাশি: নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে ,তেনেতে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপুনি আপোনাৰ জীৱনৰ কিছু সময় আপোনাৰ হবি ,ইচ্চা পূৰণ কৰাত আৰু পৰিয়ালৰ সদস্যসকলক সহায় কৰাত অতিবাহিত কৰক। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেত সকল আপোনাক খঙ কৰিব পাৰে , সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব । আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব । আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।
সিংহ ৰাশি: নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক।মনত ৰাখিব – এই পাৰ্থিৱ শাৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠ সকলৰ মতামত লওক ,নহ’লে তেখেত সকল আপোনাৰ ওপৰত খঙ কৰিব পাৰে। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে ,যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব।
কন্যা ৰাশি: আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। জীৱন-সংগিনী আপোনাৰ ধুম্ৰ পাণৰ দৰে বদ-অভ্যাস এৰুৱাওৰ সময়ত বহুত সহায় কৰিব লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময় ,কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত । প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰ ঔষধ সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। অফিচত কৰা ভাল কামৰ বাবে আপোনাক আজি সকলোৱে চিনি পাব । যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। পুৱা পুৱা আপুনি জীৱন সংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব।
তুলা ৰাশি: আজি আপুুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠীৰ ধন বেলেগক দিব নালাগে, নহলে আহিবলগীয় সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মূখীন হব পাৰে। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে ,প্ৰেমঅৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। আপোনাৰ বৰিিষ্ঠ জনক অৱহেলা নকৰিব। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।
বৃশ্চিক ৰাশি: বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। আপোনাৰ ধাৰণাৰ ফলত লাভ হব পাৰে। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোতেই যাব ,ইয়াৰ মানে হল আপুনি প্ৰেমত বাৰুকৈয়ে পাগল ! গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তি শালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱন সংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব।
ধনু ৰাশি : নঞাৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক।এইটো আপুনি দান পূণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব,যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপুনি নিজৰ ঘৰ খনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সচা প্ৰেমক বিচাৰোতে বিফল হব। বহুুত বিখ্যাত ব্যক্তিৰ লগত উঠা-বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তা সমূহত বহুত অৰিহণা লাভ কৰিব। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। আপোনাক আৰু আপোনাৰ জীৱন লগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে।
মকৰ ৰাশি: আপোনাৰ দিনৰ আৰম্ভণি ব্যায়াম দি কৰক, এইটোয়ে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক । আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। আপোনাাক সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধু পুৰ্ণ চেষ্টা কৰিব। প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। আজি অনুভৱী লোক সমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেত সকল আপোনাক কি জ্ঞান দিব পাৰে। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময়। আপুনি নিজৰ বৈবাহিক জীৱন ৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজি দিনটোৰ ভৰপূৰ আনন্দ লওক।
কুম্ভ ৰাশি: মনত জমা হৈ থকা সমস্যা অথবা অসুবিধা সমূহ প্ৰকাশ নকৰিলে মানসিক ভাৱে হতাশ হৈ যাব পাৰে। আপোনাৰ ধন আপোনক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই ক্থা ভাবোতে নষ্ট কৰিব পাৰে। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।
মীন ৰাশি: আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হব। আজিৰ দিনাখন ঘটনা সমূহ ভাল হব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।