Friday, November 8, 2024
Homeৰাশিফলকেনেদৰে যাব আপোনাৰ আজিৰ দিনটো, জানিবলৈ চাওঁক আজিৰ দিনটোৰ ৰাশিফল 

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো, জানিবলৈ চাওঁক আজিৰ দিনটোৰ ৰাশিফল 

মেষ ৰাশিঃ গাড়ী চলোৱা সময়ত সাৱধান থাকক। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক ,কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ’ব আপুনি শান্ত হৈ থাকক । মনত ৰাখিব সংবেদশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহতক অনুভৱ কৰিব দিয়ক যে আপুনি সচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ’ব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ’ব। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজি দিনটোৰ ভৰপূৰ আনন্দ লওক।

প্ৰতিকাৰ :- দেহাত ভিন্ন ৰংৰ দাগ থকা কুকুৰ ঘৰত ৰাখি পালন কৰিলে স্বাস্থ্যৰ উন্নতি হ’ব।

বৃষ ৰাশিঃ পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃতিৰ বাবে আপোনাক অসুবিধা দিব পাৰে।কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক,নহ’লে অৱস্থা তথৈবচ হ’ব পাৰে।মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি ,সেইটো স্বীকাৰ কৰি লোৱাই ভাল। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হ’ব পাৰে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ’ব পাৰে। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। আপোনাৰ তলতীয়া সহকৰ্মী আপোনাক বহুত সহায় কৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিনী সকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হ’ব।

প্ৰতিকাৰ :- ক’লা-বগা গাই গৰুক দানা খুৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।

মিথুন ৰাশিঃ আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। অংশীদাৰী ব্যৱসায় সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনা সমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব লগতে আনন্দৰে ভৰপূৰ হ’ব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱন সংগী আপোনাক আজি প্ৰেমৰ অনুভুতি প্ৰদান কৰিব চেষ্টা কৰিব ,তেখেতৰ সহায় কৰক।

প্ৰতিকাৰ :- আৰ্থিক অৱস্থা ভাল কৰিবৰ বাবে নিচাজাতীয় পদাৰ্থৰ পৰা দূৰ থাকিব।

 

কৰ্কট ৰাশিঃ আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হ’ব। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব ,কাৰণ আপোনাৰ আশা কৰা মতে কাম নাই হোৱা। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।

প্ৰতিকাৰ :- শিৱ মূৰ্তিক পঞ্চামৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।

সিংহ ৰাশিঃ কামৰ হেচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে, তেখেতে খং কৰিলে আপুনি বেয়া নাপাই তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ’ব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হ’ল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক।

প্ৰতিকাৰ :- কেঁচা কয়লা সন্ধিয়া সময়ত পানীত প্ৰবাহিত কৰিলে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

 

কন্যা ৰাশিঃ আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। বৰিষ্ঠ জনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। আপোনাৰ বায়োডটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এয়াই ভাল সময়। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে।

প্ৰতিকাৰ :- ঔম নমো ভগৱতে ৰুদ্ৰায় এই মন্ত্ৰৰ ১১ বাৰ উচ্চাৰণ কৰিলে পাৰিবাৰিক জীৱন ভালে যাব।

 

তুলা ৰাশিঃ প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্ম বিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিবলগা সময়ত সমস্যাৰ সন্মুখীন হ’ব লাগিব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হ’ব। সাৱধান থাাকক ,কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধুলিসাৎ কৰাৰ যোজনা কৰি আছে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীত কৈ আগ বঢ়াত সহায় কৰিব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ’ব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক-বিতণ্ডতা হ’ব পাৰে।

প্ৰতিকাৰ :- ককা-আইতা অথবা বয়সীয়াল ব্যক্তিৰ সেৱা-শুশ্ৰুষা কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্কত শান্তি অটুট থাকিব।

 

বৃশ্চিক ৰাশিঃ অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। কিছুমান যিমান কৰিব পাৰে ,তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে ,কিন্তু মোটামোটি ভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে ,সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ’ব পাৰে।

প্ৰতিকাৰ :- যিমান দূৰ সম্ভৱ বগা কাপোৰ পিন্ধক যেতিয়া প্ৰেমাস্পদক লগ কৰিব যায় এনে কৰিলে এটা সুখময় প্ৰেম জীৱন লাভ কৰিব।

 

ধনু ৰাশিঃ স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হ’ব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। যাক আপুনি ভাল পায় ,তাইৰ বা তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। এনেকুুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে।

প্ৰতিকাৰ :- প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰিব যোৱাৰ আগত কাপোৰত আঁতৰ অথবা সুগন্ধি প্ৰয়োগ কৰি লওক। সুগন্ধ বুধক নিয়ন্ত্ৰণ কৰে , সুগন্ধিৰ প্ৰয়োগে আপোনাৰ প্ৰেমত মধুৰতা অনাত সহায় কৰিব।।

 

মকৰ ৰাশিঃ লাভ ল’বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। আপোনাৰ পৰিয়ালৰ সদস্য সকল সৰু এটা কথা লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। আপুনি য’ত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লাগতে আজি আপুনি ৰোমাণ্টিক যাত্ৰাত যাব পাৰে। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ’ব ,কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব । পুৱা পুৱা আপুনি জীৱন সংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব।

প্ৰতিকাৰ :- কেৰিয়াৰত সফল হ’বৰ বাবে নিজৰ কৰ্ম স্থান নিয়মিতভাৱে পৰিষ্কাৰ কৰা উচিত।

কুম্ভ ৰাশিঃ আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক ,সিহতৰ সুখ দুখৰ অংশীদাৰ হওক যাতে সিহতে অনুভৱ কৰে যে আপুনি সচাকৈয়ে সিহতক নিজৰ জীৱনৰ এক গুৰুত্বপুৰ্ণ অংগ বুলি ভাৱে। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হ’ব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ’ব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱন সংগীক হেচাঁ প্ৰদান নকৰিব , নহলে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব পাৰে।

প্ৰতিকাৰ :- ‘ঔমঃ স্ত্ৰান স্ত্ৰীন স্ত্ৰৌন সঃ কেতৱে নমঃ’ এই মন্ত্ৰৰ ১১ বাৰ জাপ কৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰ লাভজনক উত্থান ঘটিব।

মীন ৰাশিঃ ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। সন্তানৰ পঢ়া-শুনাৰ ওপৰত ধ্যান দিয়ক অৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।

প্ৰতিকাৰ :- যদি সম্ভৱ তেন্তে এটা কুকুৰ পোহক আৰু এনে কৰিলে প্ৰেমত খুব শুভ হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments