Wednesday, March 11, 2026
Homeৰাশিফলবছৰৰ অন্তিমটো দিন, কেনেদৰে যাব আপোনাৰ এই বিশেষ দিনটো

বছৰৰ অন্তিমটো দিন, কেনেদৰে যাব আপোনাৰ এই বিশেষ দিনটো

মেষ ৰাশিঃ আপোনাৰ মাজৰ পৰা যিসকল লোক অফিচত অধিক সময় কাম কৰি আছিল ,সিহত আজি শক্তিৰ নাটনীৰ লগত যুজি আছে ,আজি সেই সকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ’ব পাৰে। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ’ব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। বৰিষ্ষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ’ব। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ’ব। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব । দীঘলীয়া সময়ৰ অন্তত আপুনি ধুনীয়াকৈ এঘুমটি মাৰি ল’ব পাৰিব,টোপনিৰ পিছত আপুনি বহুত শান্ত আৰু সতেজ অনুভৱ কৰিব ।

প্ৰতিকাৰ :- ঔম ব্ৰাং ব্ৰীং ব্ৰৌং সঃ বুদ্ধায় নমঃ এই মন্ত্ৰৰ জাপ পুৱা গধূলি ১১ বাৰ কৰিলে পাৰিবাৰিক জীৱনত সুখৰ সঞ্চাৰ হ’ব।

বৃষ ৰাশিঃ পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে, এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হ’ব নোৱাৰিব। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। আপোনাৰ শক্তি আজি বিনাকাৰণৰ কামত খৰচ হ’ব পাৰে। জীৱন ভালকৈ জীয়াব বিচাৰিছে যদি সময় সূচী মানি চলক।

প্ৰতিকাৰ :- যিকোনো আশ্ৰম অথবা দৃষ্টিহীন ব্যক্তিৰ আশ্ৰমত পায়স, ৰঙা ফল , দালিয়া ,ঘেঁহু ইত্যাদি দান কৰিলে আপুনি কামৰ অৱসাদৰ পৰা মুক্তি পাব।

মিথুন ৰাশিঃ নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। জীৱন সংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেত কি কি সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আছে। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।

প্ৰতিকাৰ :- আৰ্থিক সফলতাৰ বাবে মদ্যপান আৰু ধুম্ৰ্যপান পৰিহাৰ কৰক।

কৰ্কট ৰাশিঃ খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আজি এই ধুনীয়া দিন টোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হ’ব। আজিৰ দিনাখন ঘটনা সমূহ ভাল হ’ব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। জীৱন লগৰীৰ লগত আত্মিকতা আজি আপোনাক সুখী কৰিব। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুসময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে।

প্ৰতিকাৰ :- তামৰ অথবা সোণৰ পাত্ৰত ( যদিহে সম্ভৱ) পানী ৰাখি সেই পানীৰ সেৱন কৰক আৰু এটা ধুনীয়া পাৰিবাৰিক জীৱনৰ আৰম্ভ কৰক।

সিংহ ৰাশিঃ আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। কোনোবা এনেকুৱা আত্মীয় জন বহুত দূৰত থাকে তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ’ব পাৰে। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা কিন্তু সিহতঁৰ যত্ন লোওঁতে লোওঁতে নিজৰ স্বাস্থ্য বেয়া নকৰিব।

প্ৰতিকাৰ :- ৫ জনী নাবালিক ছোৱালীৰ মাজত সেউজীয়া ৰঙৰ মিঠাই বিতৰণ কৰিলে আপোনাৰ পৰিয়ালত সুখ আৰু সম্বৃদ্ধি অটুট থাকিব।

কন্যা ৰাশিঃ কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ’ব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল’ব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা-বহা কৰে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা ক’ব বিচাৰি আছিল ,বহুত এনেকুৱা পূৰণি কথা মনত পৰিব যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব।

প্ৰতিকাৰ :- প্ৰেমিকা অথবা প্ৰেমিকক দেখা কৰাৰ আগত ইলাচি চবাই ল’ব, এনে কৰিলে আপোনাৰ প্ৰেম জীৱনত সুখৰ আগমণ হ’ব।

তুলা ৰাশিঃ ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰম সমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকাখন আৰু দীঘল কৰিব পাৰে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল’ব। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হ’ব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।

প্ৰতিকাৰ :- তামৰ হাৰত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত বুজাবুজি ভাল হ’ব।

বৃশ্চিক ৰাশিঃ অবাঞ্চিত চিন্তা ধাৰা মগজুত চানি ধৰিব পাৰে ,নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল’ব দিয়ক কাৰণ খালী মগজু চয়তানৰ ঘৰ। দীৰ্ঘবধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহুৰ্ত অতিবাহিত কৰক। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ’ব। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ’ব ,কিন্তু আৱশ্যকীয় চিনাকি হ’বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ’ব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হ’ব পাৰে। ভাল বন্ধু কেতিয়াও আপোনাৰ লগ নেৰে এই কথা আজি আপুনি ভালকৈ বুজি পাব।

প্ৰতিকাৰ :- প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভাল হ’ব।

ধনু ৰাশিঃ গাড়ী চলোৱা সময়ত সাৱধান থাকক। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰীয়ক নিয়ন্ত্ৰন কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল সিহতে নিজকে নিয়ন্ত্ৰন কৰাটো অত্যন্ত প্ৰয়োজনীয়। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ’ব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হ’ব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।

প্ৰতিকাৰ :- বট গছৰ শিপাত গখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক ,এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

মকৰ ৰাশিঃ জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ব পাৰে , সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব । এই অসফলতা সমূহক সফলতাৰ আধাৰ বনাওক । জটিল সময়ত আত্মীয় কামত আহিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হ’ব। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমাণ্টিক হ’ব ,এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব।

চিকিৎসা :- তামৰ বাচনত ওৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল।

কুম্ভ ৰাশিঃ আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক ।ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বতেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ’ব। আজি ওচৰ চুবৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হ’ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল’ব নহলে পইচাৰ লোকচান হ’ব পাৰে। আপুনি এনেকুৱা পৰিযোজনা আৰম্ভ কৰা উচিত যি আপোনাৰ গোটেই পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহে। চোছিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পষ্ট দেখিব ,এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। অন্যক সেৱা কৰা কাৰ্য আৰু সামাজিক কাৰণত নিজকে কামত আনিলে আপোনাৰ মানসিক শান্তি অটুট থাকিব।

প্ৰতিকাৰ :- মহিলাক সন্মান কৰাৰ শিকক অকল পৰিয়ালৰ মহিলাই নহয় সকলো মহিলাকে সম সন্মান দিয়ক , এনে কৰিলে আপোনাৰ স্থিতি সবল হ’ব।

মীন ৰাশিঃ স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। আজি কাৰ্য্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। সাৱধান থাকক ! কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহ’ব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হ’ব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব। আপোনাৰ প্ৰিয়জনৰ লগত পৰ্যাপ্ত সময় অতিবাহিত কৰাৰ আজি সম্ভাৱনা আছে ,এনেকুৱা কিছুমান মুহুৰ্তই আপোনজনৰ লগত থকা সম্পৰ্ক প্ৰগাঢ় কৰে।

চিকিৎসা :- কুষ্ঠ ৰোগীৰ আৰু মুক-বধিৰ লোকৰ সেৱা কৰক আৰু সিহঁতক যিমান পাৰে সহায় কৰক ,এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments