ডিজিটেল ডেস্ক,Anews24×7: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত ছাত্ৰক নিৰ্মম অত্যাচাৰ। বিগত কেইবাদিনো ধৰি আনন্দ শৰ্মা নামৰ ছাত্ৰ এগৰাকী ৰেগিঙৰ বলী হৈ আছিল। শেষত ৰেগিঙত অতিষ্ঠ হৈ শনিবাৰে নিশা বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱাৰ ছাত্ৰনিবাসৰ দ্বিতীয় মহলৰ পৰা জঁপিয়াই দিয়ে ছাত্ৰ গৰাকীয়ে।
ৰেগিঙৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “ৰেগিঙৰ ঘটনাৰ ফলত এগৰাকী ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ৰেগিঙক সকলো ছাত্ৰ-ছাত্ৰীয়ে না বুলি কওক। বৰ্তমানে ভুক্তভোগী ছাত্ৰ গৰাকীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।”
ইয়াৰ পাছতেই আৰক্ষীয়ে নিশা অভিযান চলাই তিনিগৰাকী অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা অভিযুক্ত ছাত্ৰ কেইজন হৈছে নিৰঞ্জন ঠাকুৰ, প্ৰাণজিত বৰুৱা আৰু সীমান্ত হাজৰিকা।
বৰ্তমান আই চি ইউ ত ভৰ্তি হৈ আছে ৰেগিঙৰ বলি হোৱা ছাত্ৰ আনন্দ শৰ্মা।