Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়উত্তৰ পূৰ্বাঞ্চলৰ “নগা চাদৰ” দক্ষিণ আফ্ৰিকাত কেনেকৈ?

উত্তৰ পূৰ্বাঞ্চলৰ “নগা চাদৰ” দক্ষিণ আফ্ৰিকাত কেনেকৈ?

ডিজিটেল ডেস্ক, ANEWS24X7: পঞ্চদশ ব্ৰিকছ সন্মিলনৰ বাবে দেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ফাৰ্ষ্ট লেডী ডা: শ্বেপো মটছেপেক দিলে নগা চাদৰ উপহাৰ।নগা চাদৰ হৈছে উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ জনজাতিয় লোক-সকলে যুগ যুগ ধৰি বোৱা বস্ত্ৰশিল্পৰ এক সুন্দৰ ৰূপ।

নগা চাদৰ জীৱন্ত ৰং, জটিল ডিজাইন আৰু পৰম্পৰাগত বয়ন কৌশলৰ ব্যৱহাৰৰ বাবে জনাজাত, যিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে।প্ৰতিখন নগা চাদৰে এক অনন্য কাহিনী কয়, যিয়ে জনজাতিটোৰ ইতিহাস, বিশ্বাস আৰু জীৱনশৈলীক প্ৰতিফলিত কৰে বুলি বিষয়াসকলে লক্ষ্য কৰে।এই নগা চাদৰ নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হি (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ)দ্বাৰা নিৰ্মিত পৰম্পৰাগত চাদৰ।

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাক তেলেংগানাৰ এযোৰ চুৰাহি আৰু মধ্যপ্ৰদেশৰ গণ্ড পেইন্টিং ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাক উপহাৰ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments