তীৰ্থ বৰা, নগাঁও: নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া পুনৰ যুদ্ধকালীন গতিৰে চলাই নিছে চি বি আই দলে। নগাঁও চহৰৰ আৱৰ্ত্ত ভৱনত বাহৰ পাতি থকা চিবিআইৰ দলটোৱে ক্ৰমাৎ তদন্তৰ গতি তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ নগাঁও আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উন্মোচিত কৰিবলৈ সক্ষম হৈছে। বলীউডৰ ছবিৰ দৰে আৰক্ষী আৰু অসাধু চক্ৰৰ সৈতে গঢ়ি তোলা সু-সম্পৰ্কৰ নগ্ন ছবিখন দেখি স্বয়ং চি বি আই দলটো স্তম্ভিত হৈ পৰিছে বুলি এক নিৰ্ভৰযোগ্য সুত্ৰই প্ৰকাশ কৰিছে। চিবিআইৰ তদন্ত কালত নগাঁও আৰক্ষীৰ একাংশ বিষয়াৰ লগত অবৈধ গৰু সৰবৰাহকাৰী, চোৰাং কয়লা,নকল সোণৰ সৰবৰাহকাৰী,নকল টকাৰ সৰবৰাহকাৰী,তীৰ ব্যৱসায়ী, বাৰ্মিজ চুপাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ লগত গঢ়ি উঠা সম্পৰ্কই অতি লজ্জাজনক ভাৱে নগাঁও আৰক্ষীৰ চৰিত্ৰটো নগ্ন হৈ পৰিছে। যাৰ বাবে জোনমণি ৰাভাৰ দৰে সাহসী আৰক্ষী বিষয়া এগৰাকীয়ে এই পৃথিৱীৰ পৰা বিদায় লবলৈ বাধ্য হ’ল বুলি সৰ্বত্ৰে চৰ্চা চলিছে।
বিশেষ সুত্ৰই প্ৰকাশ কৰা অনুসৰি – জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী চি বি আইৰ দলটোৱে ইতিমধ্যে বহু সংখ্যক লোক আৰু আৰক্ষী বিষয়া – কৰ্মচাৰীক সোধা-পোছা কৰি নিৰ্দিষ্ট পৰ্যায়ত উপনীত হৈছে। তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি চি বি আই দলে জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বৰ কেইবামাহৰ কৰ্মসূচী, দায়িত্ব বোধ আৰু ভ্ৰমণ সমূহৰ বিতং তথ্য আহৰণ কৰিছে। ইয়াৰ মাজতে নকল টকা সৰবৰাহকাৰী নগাঁৱত গ্ৰেপ্তাৰ কৰাৰ পাছত চামগুৰিৰ পৰা উদ্ধাৰ কৰা ৯ লাখ নকল টকাৰ উৎস সম্বন্ধেও তথ্য আহৰণ কৰিছে। তদুপৰি উক্ত জব্দকৃত ৯ লাখ নকল টকাৰ লগত জড়িত থকা লক্ষীমপুৰ জিলাৰ নাওবৈচাৰ যোগাযোগৰ তথ্যৰ লগত নগাঁও আৰক্ষীৰ ভাষ্য, হাচিনা বেগমৰ ভাষ্য, লক্ষীমপুৰ আৰক্ষীৰ ভাষ্য আদিৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ পুংখানুপুংখ বিশ্লেষণ চলাইছে চি বি আইৰ ডি আই জি লাভলী কাটাৰীয়াই। এই তদন্তৰ কালতে এক ভয়ংকৰ তথ্য পোহৰলৈ আনিছে চি বি আই দলে।
যিটো তথ্যই নগাঁও আৰক্ষীৰ বৰঘৰত সম্প্ৰতি কঁপনি তুলিছে। নাওবৈচাত নকল সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে জোনমণি ৰাভাই ব্যৱহাৰ কৰা ব্যক্তিগত ব’লেৰ গাড়ীখন কাৰ নিৰ্দেশত লৈ গৈছিল- এতিয়া সেই তথ্য চি বি আই দলক লাগে। জানিব পৰা মতে- ইয়াৰ পম খেদি চিবিআই দলে নগাঁও আৰক্ষীৰ ৰিজাৰ্ভ অফিচাৰ নয়ণ নেউৱাৰ নামৰ আৰক্ষী উপ-পৰিদৰ্শক তথা এম টি অ গৰাকীক দুবাৰকৈ সোধ-পোছ চলাইছে। উক্ত বলে’ৰ গাড়ীখনৰ স্বত্বাধিকাৰী হ’ল বিতৰ্কিত নকল সোণ,নকল টকাৰ সৰবৰাহকাৰী ৰিয়াজুল ইছলাম।
এই ৰিয়াজুল ইছলামৰ গাড়ীখন ব্যৱহাৰ কৰিবলৈ, আৰক্ষীৰ তেল দিবলৈ নয়ণ নেউৱাৰক কোনে নিৰ্দেশ দিছিল। কাৰণ আৰক্ষীৰ গাড়ী ব্যৱহাৰ কৰা বা তেলৰ আবণ্টন দিয়া সকলোবোৰ নিৰ্দেশনা আৰক্ষী অধীক্ষক বা অতিৰিক্ত আৰক্ষী অধীক্ষকে দিব লাগে। গতিকে উক্ত বলে’ৰ গাড়ীখন ব্যৱহাৰ কৰিবলৈ আৰু ম’ষ্ট ওৱান্টেড অপৰাধী ৰিয়াজুল ইছলামক গাড়ী চালক হিচাপে কোনে আৰু কিয় যাবলৈ দিলে সেই তথ্য লাগে তদন্তকাৰী চি বি আই দলটোক।
এই সমগ্ৰ তথ্য – প্ৰমাণ সংগ্ৰহ কৰা চি বি আই দলে অন্তিম পৰ্যায়ত নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা ,ত্ৰিদীপ প্ৰতীম কুম্বাঙক সোধা-পোছা কৰিবলৈ সাজু হৈছে বুলি সন্দেহ কৰা হৈছে। আনহাতে,চি বি আইৰ দলটোয়ে নগাঁও টাউন উপ পৰিদৰ্শক উৎপল বৈশ্যকো জেৰা চলোৱা বুলি জানিব পৰা গৈছে।