Friday, November 8, 2024
Homeউত্তৰ-পূৱমণিপুৰত ইণ্টাৰনেট সেৱা আৰু কিমান দিনলৈ কৰ্টন কৰিব ?  

মণিপুৰত ইণ্টাৰনেট সেৱা আৰু কিমান দিনলৈ কৰ্টন কৰিব ?  

 

ডিজিটেল ডেস্ক,২৩ ছেপ্তেম্বৰ: মণিপুৰত প্ৰত্যাহাৰ হ’ব ইণ্টাৰনেট নিষেধাজ্ঞা ।বহু দিনৰ অন্তত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নিৰ্দেশ মৰ্মে পুনৰ আৰম্ভ হল শনিবাৰে ইণ্টাৰনেট সেৱা ।২০২৩ চনৰ ৩ মে’ত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত মণিপুৰ চৰকাৰে সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেটৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ ঠিক চাৰি মাহতকৈ অধিক সময়ৰ পাছত এতিয়া চৰকাৰে শনিবাৰে এই নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ সংক্ৰমণ ৰোধৰ বাবে নিৰ্দেশ দিয়া বুলি কথিতভাৱে ইণ্টাৰনেট বন্ধৰ ব্যৱস্থা আজি প্ৰত্যাহাৰ কৰা হ’ল।ইয়াৰ পূৰ্বে মণিপুৰ চৰকাৰে এয়াৰটেলক শ্ব’-কজ নোটিচ জাৰি কৰিছিল অ-শ্বেতলিষ্টেড মোবাইল নম্বৰত ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ বাবে ।

তদুপৰি, জাননীখনত উল্লেখ কৰা হৈছে যে যদিহে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সন্তোষজনক ব্যাখ্যা লাভ কৰা নহয়, তেন্তে এম/এছ এয়াৰটেলে প্ৰদান কৰা সকলো সেৱা মণিপুৰ ৰাজ্যৰ ইণ্টাৰনেট সেৱাকে ধৰি পৰৱৰ্তী জাননী অবিহনে বন্ধ কৰিব লাগিব।

ৰাজ্যখনত প্ৰচলিত অস্থিৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ ৰাজ্য চৰকাৰে ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰ ৰাজ্যত টেলিকম সেৱা বন্ধ কৰি ৰাখিছিল, আৰু ইণ্টাৰনেট সেৱা পৰ্যায়ক্ৰমে মুকলি কৰাৰ বাবে নিয়মীয়াকৈ পুনৰীক্ষণ কৰি আহিছে .

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments