Saturday, July 5, 2025
Homeঅসমআপোনাৰ নৱজাতক শিশুটিৰ আধাৰ নামভৰ্তি কেনেদৰে কৰিব? অতি সহজ এই প্ৰক্ৰিয়া

আপোনাৰ নৱজাতক শিশুটিৰ আধাৰ নামভৰ্তি কেনেদৰে কৰিব? অতি সহজ এই প্ৰক্ৰিয়া

ডিজিটেল ডেস্ক, ১৭জুলাইঃ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত মঙলবাৰে জিলা পৰ্যায়ৰ আধাৰ মনিটৰিং কমিটীৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ আধাৰ পঞ্জীয়ন আৰু আপডেটসমূহৰ অগ্ৰগতি সন্দৰ্ভত মনিটৰিং কমিটীখনে বিতংভাৱে পৰ্যালোচনা কৰি বিভিন্ন দিশ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। সেই অনুসৰি আধাৰ পঞ্জীয়ৰ ক্ষেত্ৰত বয়সৰ কোনো নিৰ্ধাৰিত সীমা নাই। এটি নৱজাত শিশুৱেও আধাৰ নামভৰ্তি কৰিব পাৰিব। এইক্ষেত্ৰত আধাৰ নামভৰ্তি কৰিবলৈ শিশুটিৰ (০-৫ বছৰ বয়সলৈকে) জন্মৰ প্ৰমাণ পত্ৰৰ লগতে পিতৃ-মাতৃৰ আধাৰ নম্বৰ প্ৰয়োজন হ’ব।

 

বায়’মেট্ৰিক প্ৰমাণীকৰণৰ বাবে শিশুটিৰ সৈতে পিতৃ-মাতৃ আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব। ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নামভৰ্তিৰ বাবে কেৱল শিশুটিৰ ফটোগ্ৰাফহে লোৱা হয়, আন কোনো বায়’মেট্ৰিক্সৰ তথ্য (ফিংগাৰ প্ৰিণ্ট আৰু আইৰিছ) প্ৰয়োজন নহয়। শিশুটিৰ আধাৰৰ বৈধতা অব্যাহত ৰখাৰ ক্ষেত্ৰত ৫ বছৰ বয়সত আৰু তাৰ পিছত পুনৰ ১৫ বছৰ বয়সত বায়মেট্ৰিক বিৱৰণ (ফটোগ্ৰাফ, দহটা আঙুলি আৰু আইৰিছ) আপডেট কৰিব লাগিব। এই বাধ্যতামূলক বায়’মেট্ৰিক আপডেটটো যদি ক্ৰমে ৫-৭ বছৰ আৰু ১৫-১৭ বছৰৰ ভিতৰত কৰা হয় তেনেক্ষেত্ৰত আপডেট বিনামূলীয়া হ’ব। এই আপডেট কেৱল আধাৰ সেৱা কেন্দ্ৰতহে কৰিব পাৰিব আৰু বাধ্যতামূলক বায়মেট্ৰিক আপডেটৰ বাবে কোনোধৰণৰ নথি-পত্ৰৰ প্ৰয়োজন নহয় বুলি কমিটীখনে উল্লেখ কৰে।

 

ইয়াৰোপৰি আধাৰ অ’টিপি প্ৰমাণীকৰণৰ ভিত্তিত বিভিন্ন সেৱা সহজে লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আধাৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। আধাৰ সেৱা কেন্দ্ৰলৈ গৈ নথি-পত্ৰৰ অবিহনে আধাৰত মোবাইল নম্বৰ আপডেট কৰিব পাৰিব বুলি অৱগত কৰে মনিটৰিং কমিটীয়ে। বর্তমানেও যিসকল ব্যক্তিয়ে আধাৰ পঞ্জীয়ন কৰা নাই সেইসকল লোকক বা তেখেতসকলৰ শিশুটিক আধাৰ পঞ্জীয়ন কৰাবলৈ জিলা-প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। ইতিমধ্যে জিলাখনত  ৯৭.৫৪ শতাংশ আধাৰ পঞ্জীয়ন সম্পূৰ্ণ হৈছে আৰু ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ বাবে জিলাখনৰ ১৩টা আধাৰ পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়নৰ কাম অব্যাহত আছে।

 

এই সভাখনত সহকাৰী আয়ুক্তই পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে জিলাখনত আধাৰ পঞ্জীয়ন আৰু আপডেটসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, বিদ্যালয় সমূহৰ পৰিদৰ্শক, আধাৰ পঞ্জীয়নৰ লগত জড়িত বিষয়াসকল , বেংক, ডাকঘৰৰ বিষয়া প্ৰমুখ্যে সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments