ডিজিটেল ডেস্ক anews24x7: গৰমৰ দিন আহিলে সকলোৰে মুখত দেখিবলৈ পোৱা যায় এক বিৰক্তিকৰ ভাব ৷ ভাৰত গ্ৰীষ্মকালীন দেশ হোৱা হেতুকে আমাৰ ইয়াত বায়ুৰ আদ্ৰৰ্তা বেছি হয় ৷ সূৰ্যৰ প্ৰখৰ তাপৰ বাবে শৰীৰৰ পৰা যথেষ্ট ঘাম বাহিৰ হোৱাৰ ফলত শৰীৰ শুষ্ক হৈ পৰে ৷ ইয়াৰ ফলত আমাৰ ছাল আৰু চুলিৰ যথেষ্ট ক্ষতি হয় ৷ তাৰোপৰি ঘামৰ লগত ভালেমান খনিজ পদাৰ্থও শৰীৰৰ পৰা বাহিৰ হৈ যায় আৰু শৰীৰত পানীৰ পৰিমাণ কমিবলৈ ধৰে৷ তেনে ক্ষেত্ৰত শৰীৰটোক সতেজ কৰি কেনেকৈ ৰাখিব পাৰি?
(১) পদিনা– পদিনাই আমাৰ শৰীৰটোক ঠাণ্ডা কৰি ৰাখে৷ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জনীয় পদাৰ্থ নিষ্কাশন কৰাৰ ক্ষেত্ৰত পদিনা ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে এটা পানীভৰ্তি জাৰত তিয়ঁহ, পদিনাৰ পাত আৰু আপোনাৰ প্ৰিয় ফলবিধ মিশ্ৰণ কৰি খাব পাৰে৷
(২) আমলখি– ভিটামিন-চিযুক্ত আমলখিয়ে আমাৰ পাচনতন্ত্ৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷ গৰমৰ দিনত শৰীৰটোক ঠাণ্ডা আৰু সতেজ কৰি ৰাখিবলৈ আমলখিৰ জুচ নাইবা আমলখি খাব পাৰে৷
(৩) চন্দন– গৰমৰ দিনত শৰীৰৰ অন্তৰ্ভাগৰ লগতে ছালতো প্ৰভাৱ পৰে৷ চন্দনৰ প্ৰলেপে শৰীৰত ঠাণ্ডাৰ প্ৰভাৱ পেলায়৷
(৪) মুলেথি– মুলেথিক বিশেষকৈ শুকান কাহ, ডিঙিৰ চেৰচেৰণি আদিত ব্যৱহাৰ কাৰ হয়৷ গৰমৰ দিনত শৰাৰটোক ঠাণ্ডা কৰি ৰখাত ইয়ো উল্লেখযোগ্য ভূমিকা পালন কৰে৷
এই সমূহ ব্যৱহাৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পাৰে ।