ডিজিটেল ডেস্ক, ANEWS24X7: দৈনন্দিন জীৱনত সচৰাচৰ পাকস্থলীতে গেছৰ উৎপাদন হয় । এই গেছৰ সমস্যা যুৱপ্ৰজন্মৰ লগতে জেষ্ঠ্যজনৰ পৰা কনিষ্ঠজনলৈ সকলোৰে মাজত হোৱা দেখা যায়। পেটৰ গেছৰ সমস্যাত ভুগি থকা এজন ব্যক্তিয়ে দিনক দিনে পেটৰ বিষ, বুকুৰ বিষ বা মূৰৰ বিষ প্ৰায়ে হোৱা দেখা যায়।

যদি ইয়াৰ বাবে সজাগতা আৰু নিয়মীয়া ৰুটিন উন্নত কৰে, তেন্তে গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰিব। ইপিনে পেটৰ গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ এই উপায়সমূহ অৱলম্বন কৰিব পাৰে-
১/ৰাতিপুৱা গৰম পানী সেৱন কৰা।
২/এবিধ বিশেষ গুড়ি খাব যিটো ঘৰত থকা জিড়া গুড়ি, আজৱাইন, কলা নিমখ, আৰু হিঙৰ গুড়ি মিহলি কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰি লব পাৰি ।

৩/ ১চামুচ আজৱাইন বা জিৰা গুড়ি খাব ।
৪/ক’লা নিমখ খাব পাৰে ।
