ডিজিটেল ডেস্ক, ANEWS24X7: কি হ’ব শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেৰ ৰাজনৈতিক ভৱিষ্যত?শিৱসেনাৰ পৰা নেতৃত্ব হেৰুৱাব পাৰে উদ্ধৱ থাকৰে ? উদ্ধৱ থাকৰেৰ বিৰুদ্ধে সক্ৰিয়া হৈছে একনাথ শিন্দে গোটে৷একনাথ শিন্দে গোটে শিৱসেনাৰ প্ৰকৃত দাবীদাৰ বুলি দাবী কৰাৰ লগতে শিৱসেনাৰ প্ৰতীক চিহ্ন ‘ধনু আৰু কাড়’ শিন্দে গোটক প্ৰদান কৰিব লাগে বুলি নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰিছে ৷
শিন্দে গোটৰ এই দাবীৰ পিছতে আবেদনৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে৷কিন্তু উচ্চতম ন্যায়ালয়তো সুফল নাপালে উদ্ধৱ থাকৰে৷মঙলবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ আবেদন৷
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বহা পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে শিন্দে গোটৰ বিধায়ক সকলৰ বিধায়ক পদ খাৰিজ কৰাৰ লগতে,নিৰ্বাচন আয়োগক দিয়া আবেদনৰ স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছে৷এই সন্দৰ্ভত সকলো কৰ্তৃত্ব নিৰ্বাচন আয়োগক অৰ্পন কৰিছে উচ্চতম ন্যায়ালয়ে ৷
উল্লেখ্য যে একনাথ শিন্দে উদ্ধৱ থাকৰেৰ নেতৃত্বৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন কৰিছিল ৷ ইয়াৰ পিছতে বিদ্ৰোহী বিধায়ক সকলৰ বিধায়ক পদ খাৰিজ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ৷