ডিজিটেল ডেস্ক, anews24x7: গহপুৰৰ বিভিন্ন প্ৰান্তত গো ধন সমূহৰ গাত দেখা গৈছে অচিন ৰোগ। টিঙালীবড়ী,শিমলুগুৰি,ৰঙাজান,সোণাপুৰ,আৰু হেলেমৰ গমিৰি, লেপেটা পাৰা, এৰাসুঁতি, মিছামাৰীকে আদি কৰি বহু গাঁও সমূহত ভয়াবহ ভাবে বৃদ্ধি পাইছে এই অচিন ৰোগবিধ।
যিহেতু এতিয়া খেতিৰ ভৰপক সময় এতিয়া যদি কৃষকৰ একমাত্ৰ গৰু হাল বেমাৰত পৰে তেন্তে যথেষ্ট বিপদত পৰিব কৃষক সকল।বহু গৰুৰ ইতিমধ্যে মৃত্যু হৈছে।বসন্ত ওলোৱাৰ দৰে সৰু সৰু দাগ হয়;তাৰ পিছত এমাহ পৰ্যন্ত এনেদৰে ৰোগত আক্ৰান্ত হৈ থাকে। পশু চিকিৎসকৰ দল এই অঞ্চল সমূহলৈ নহাত বা গো পালক সকলৰ কাষত থিয় নিদিয়াক লৈ অসন্টুষ্টি প্ৰকাশ কৰিছে গো পালক সকলে।