ডিজিটেল ডেস্ক, ANEWS24X7: মৰ্মান্তিক দৃশ্য ! সাগৰৰ উপকুল অঞ্চলত ওপঙিছে শ শ তিমি । অষ্ট্ৰেলিয়াৰ তাসমানিয়াৰ পশ্চিম উপকূলত অঞ্চলত পাইলট প্ৰজাতিৰ শ শ তিমি আৱদ্ধ হৈ পৰিছে । অষ্ট্ৰেলিয়াৰ উদ্ধাৰকাৰীৰ দলে বৃহস্পতিবাৰৰ পৰা অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান । বৃস্পতিবাৰৰ দিনটোত সাগৰ উপকূল অঞ্চলত প্ৰায় ২৩০ টা তিমি উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে ইয়াৰে মাত্ৰ ৩৫ টা তিমিকহে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব সক্ষম হয় ।
ঘটনা সম্পৰ্কে অষ্ট্ৰেলিয়াৰ বন্যপ্ৰাণী সেৱাৰ মেনেজাৰ ব্ৰেণ্ডন ক্লাৰ্কে কয় যে ,” সাগৰৰ পাৰত আৱদ্ধ হৈ থকা অৱস্থাত ২৩০ টা তিমি উদ্ধাৰ কৰা হৈছে । ইয়াৰে ৩৫ টা তিমি জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে । জীৱিত অৱস্থাত উদ্ধাৰ কৰা তিমি কেইটাক পুনৰ সাগৰত এৰি দিয়া হৈছে ।’’
উল্লেখ্য যে দুবছৰৰ পূৰ্বেও দেখনৰ মেককুৱাৰী হাৰ্বাৰৰ ওচৰত এনেদৰে বৃহৎ পৰিমাণৰ তিমি আৱদ্ধ হৈ পৰিছিল । সেই সময়চোৱাত প্ৰায় ৫০০ তিমি সাগৰ উপকুল অঞ্চলত আৱদ্ধ হৈ পৰিছিল । ইয়াৰে প্ৰায় ৩০০ তিমিৰ মৃত্যু হৈছিল । আৱদ্ধ হৈ পৰা এই তিমি সমূহক তাচমানিয়াৰ হিমায়িত পানীত স্বেচ্ছাসেৱক সকলে মুকলি কৰি দিছিল ।
সাগৰৰ উপকূল অঞ্চলত এনেদৰে তিমি সমূহ আবদ্ধ হৈ পৰাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । বৈজ্ঞানীক সকলৰ মতে সাগৰৰ পাৰৰ খুব ওচৰলৈ অহাৰ পিছত সংগী সকলক অনুসৰণ কৰাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে । পাইলত তিমি সমূহ প্ৰায় ২০ ফুট পৰ্যন্ত ওখ হয় আৰু তেওঁলোক গোটত থাকি ভাল পায় । তেওঁলোকৰ অংশীদাৰ সকলক অনুসৰণ কৰিব পাৰে । যাৰ ফলত পথ হেৰুৱাৰ আশংকা তাকে । কেতিয়াবা ডাঙৰ, ৰুগীয়া বা আঘাতপ্ৰাপ্ত তিমিবোৰে তীৰলৈ সাঁতুৰি যায় আৰু আন সঙ্গীসকলে তেওঁলোকক অনুসৰণ কৰিলে এনে ঘটনা সংঘটিত হয়।