ডিজিটেল ডেক্স, ২১ ছেপ্টেম্বৰঃ স্বামীয়ে দিনটোত কমেও ১০০ বাৰৰো অধিক পত্নীলৈ ফোন কৰিছিল। কিন্তু প্ৰেমত নহয়, ঈৰ্ষাত। এই ঘটনাত অভিযুক্ত হৈ জাপানত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ব্যক্তিক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হ্যোগো প্ৰিফেকচাৰৰ এগৰাকী ৩১ বছৰীয়া মহিলাই আৰক্ষীক জনোৱা মতে, জুলাই আৰু আগষ্টত প্ৰতিদিনে অস্বস্তিকৰ খালী ফোন আহিছিল তেওঁৰ স্বামীৰ পৰা। ফোন ৰিচিভ কৰাৰ পাছতো কথা নকয় ফোন কৰোঁতাজনে। প্ৰথমতে পত্নীগৰাকীয়ে স্বামীৰ আগত এই বিষয়ে বহুবাৰ অভিযোগ কৰি আহিছিল।
কিন্তু তেওঁৰ উদাসীনতা আৰু চিন্তাৰ অভাৱে তেওঁক হতাশ কৰি তুলিছিল। ইয়াৰ পাছতে মহিলাগৰাকীয়ে নিজৰ অভিযোগ আৰক্ষীক জনায়। আৰক্ষীয়ে দম্পতীহালৰ ফোন ৰেকৰ্ড সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰে। তদন্তত প্ৰকাশ পাইছে যে স্বামীয়েই সঁচাকৈয়ে এই বিষয়ত দোষী আছিল। ইপিনে, ব্যক্তিগৰাকীয়ে নিজৰ পৰিচয় লুকুৱাবলৈ তেওঁ বেলেগ এটা নম্বৰো ব্যৱহাৰ কৰিছিল। আৰক্ষীৰ মতে, দম্পতীহালৰ কোনো সম্পৰ্কৰ সমস্যা নাছিল আৰু সুখেৰে জীয়াই আছিল। কিন্তু কেইমাহমানৰ আগতে স্বামীয়ে গম পাইছিল যে তেওঁৰ পত্নীয়ে আন এজন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছে।
তেওঁ ঈৰ্ষা কৰে আৰু ইয়াৰ দ্বাৰা ভাবুকি প্ৰদান কৰে। অৱশ্যে স্বামীয়ে স্বীকাৰ কৰে যে তেওঁ পত্নীক বহুত ভাল পায়। যোৱা ৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল স্বামীক। জাপানৰ আইন অনুসৰি ফোন কলৰ জৰিয়তে যথেষ্ট মানসিক অশান্তিৰ সৃষ্টি কৰাটো উত্কৃষ্ট অপৰাধ বুলি গণ্য কৰা হয়। এনে অপৰাধৰ বাবে এবছৰপৰ্যন্ত কাৰাদণ্ড বা সাত হাজাৰ ডলাৰ পৰ্যন্ত জৰিমনা বিহা হয়।