Tuesday, December 24, 2024
Homeঅসমঅসমত বাংলাদেশৰ দৰে পৰিস্থিতি হয় বুলিহে মোৰ ভয় হয়: মুখ্যমন্ত্ৰী

অসমত বাংলাদেশৰ দৰে পৰিস্থিতি হয় বুলিহে মোৰ ভয় হয়: মুখ্যমন্ত্ৰী

গৌতম বৰা, ৭আগষ্ট: দীক্ষান্ত সমাৰোহ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰl

অহাবছৰ আৰু ৬০০ বন সুৰক্ষা বাহিনীত নিযুক্তি হ’ব।নতুন প্ৰজন্ম ইয়াত জড়িত হ’ব পাৰিব।

ACPS ৰ সুবিধা দিয়া হ’ব।

কাজিৰঙাত 5 star হোটেলৰ প্ৰয়োজন আছে।নহ’লে পৰ্যটন উদ্যোগ আগ নাবাঢ়ে।আমি য’ত হোটেল পাতিছো,সেইয়া কাজিৰঙাৰ সীমাৰ পৰা ১ কিঃমিঃ দূৰত।নহ’লে luxury tourist নাহিব।ভাৰতৰ সকলো পাৰ্কৰ কাষতেই 5 star হোটেল আছে।

গুৱাহাটীৰ বানপানী সন্দৰ্ভতো মন্তব্য।আমাৰ নলাবোৰে ইমান পানী ধৰি ৰাখিব নোৱাৰে।বছৰৰ দুটা দিন বানপানী হ’ব পাৰে।বছৰৰ মুঠ ২৫ শতাংশ বানপানী যোৱা দুদিনত হৈছে।মেঘালয়ৰ পৰা পানী নামি অহাৰ মূল কাৰণ USTM।তেওঁলোকে এখন পাহাৰ বেৰি ধৰি পাহাৰ কাটি বিশ্ববিদ্যালয় পাতিছে।এইখন বিশ্ববিদ্যালয় পাতোতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছিল।লগতে এখন DPS হ’ল।গুৱাহাটীৰ ওচৰত ভৌগোলিক সুবিধা লৈ পাহাৰ কাটি অনুষ্ঠান আৰম্ভ কৰিছে।মই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথ পাতিম।পানীখিনি দিপৰ বিললৈ বা শিলসাকোলৈ নিম।যাৰ বাবে বহু মাটি অধিগ্ৰহণ কৰিব লাগিব।তাৰ বাবে ধন আমাৰ হাতত নাই।পৰহি বানপানীৰ সময়ত ট্ৰেফিক জাম হৈছে।পানী পিছত কমিও গৈছে।

বাংলাদেশ সন্দৰ্ভতো মন্তব্য।বাংলাদেশত হোৱা ঘটনাই আমাৰ ৰাজ্যক চিন্তিত কৰিছে।শ্বেখ হাচিনা চৰকাৰ অহাৰ আগতে অসমৰ লগতে উত্তৰ পূৰ্বৰ উগ্ৰপন্থীৰ সুৰক্ষিত স্থান আছিল বাংলাদেশ।যোৱা ১৫ বছৰত বাংলাদেশ চৰকাৰৰ বাবে ভাৰতৰ উত্তৰ পূব সুৰক্ষিত হৈছে।মই ভাবো মোদী ডাঙৰীয়াই বাংলাদেশৰ নতুন চৰকাৰৰ লগত কথা পাতি ইয়াক অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰিব লাগে।হিন্দু মন্দিৰ,ইচকন মন্দিৰত হোৱা অত্যাচাৰৰ বাতৰি চচিয়েল মিডিয়াত পাইছোঁ যদিও আনুষ্ঠানিক ঘোষণা হ’লেহে ক’ব পৰা যাব।২০৪১ চনত অসমত যেতিয়া হিন্দু সংখ্যালঘু হ’ব।তেতিয়া অসমত বাংলাদেশৰ দৰে পৰিস্থিতি হয় বুলিহে মোৰ ভয় হয়।যোৱা তিনিটা দিন এইবোৰেই চিন্তা কৰি আছোঁ।

১০ মে’ LP-UP নিযুক্তিৰ মেৰিট লিষ্ট পোৱা যাব।

কাৰ্বি আংলং VGR মাটি সন্দৰ্ভত মন্তব্য।অসম চৰকাৰৰ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ লগত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments