Monday, July 7, 2025
Homeৰাজনৈতিকমই ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰোল নহয়

মই ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰোল নহয়

ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন । নিৰ্বাচনকলৈ উৎকন্ঠা বৃদ্ধি পাইছে ৰাজনৈতিক মহলত । এইবাৰৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই গান্ধী পৰিয়ালৰ কোনো এজন সদস্য ।

ৰাজনৈতিক বিশেষজ্ঞ সকলৰ ধাৰণা অনুসৰি কংগ্ৰেছৰ পৰবৰ্তী সভাপতিজন গান্ধী পৰিয়ালৰ কোনো বিশ্বাসী ব্যক্তি হ’ব । যিজন ব্যক্তিয়ে গন্ধী পৰিয়ালৰ সকলো আদেশ পালন কৰিব ।কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গে সেইজন ব্যক্তি বুলি অনুমান কৰা হৈছিল ।

সকলোৰে অনুমান নস্যাত কৰি মল্লিকাৰ্জুন খৰ্গে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছে । মল্লিকাৰ্জুন খৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে ,‘‘মই ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰোল নহয় ৷ কংগ্ৰেছ দলত “ৰিম’ট কণ্ট্ৰোল” বুলি কোনো বস্তু নাই, য’ত প্ৰতিজন সভাপতিক “সহমত”ৰ জৰিয়তে বাছনি কৰা হয়। যদি পুৰণি কংগ্ৰেছৰ সভাপতি হও তেন্তে ৰিম’ট কণ্ট্ৰোল মোৰ সৈতেহে থাকিব।’’

মল্লিকাৰ্জুন খৰ্গে শাসকীয় বিজেপি দলক আক্ৰমণ কৰি কয় যে, “প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ বিজেপিৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিছে? সকলো সভাপতিক সহমতৰ জৰিয়তে বাছনি কৰা হৈছে, তেন্তে বিজেপিতহে ৰিম’ট কণ্ট্ৰ’ল আছে? যেতিয়া মই সভাপতি হম, ৰিম’ট কণ্ট্ৰ’ল মোৰ হাতত থাকিব।”

উল্লেখ্য যে , অহা ১৭ অক্টোবৰত কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব ৷ ১৯ নৱেম্বৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব ।ইতিমধ্যে কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments