ডিজিটেল ডেস্ক, ANEWS24X7: মঙলবাৰে দেশৰ ৪০ সংখ্যক প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে ১৯৮৮ বেচৰ অন্ধ্ৰ প্ৰদেশ কেডাৰৰ আই এ এছ বিষয়া গিৰিধৰ অৰ্মানে ৷ প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰৰ অৱসৰৰ পিছত নতুন সচিব হিচাপে নিযুক্তি লাভ কৰে ৷
২০২০ চনৰ ১ মে’ত পথ আৰু পৰিবহণ ঘাইপথ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰ্মানে। ইয়াৰ ওপৰিও প্ৰতিৰক্ষা এক্সপ’-২০২২ ৰ সময়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ত যোগদান কৰিছিল ৷
উল্লেখ্য যে , ২০১৯ চনৰ ২৩ আগষ্টত প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কাৰ ড০ অজয় কুমাৰে দেশৰ ৩৯ সংখ্যক প্ৰতিৰক্ষা সচিব হিচাপে ৩১ অক্টোবৰত ২০২২ত অৱসৰ গ্ৰহণ কৰে ৷