ডিজিটেল ডেস্ক, ANEWS24X7: নদীৰ বুকুত এপাহ বৰফৰ ফুল ৷ শেহতীয়াকৈ নদীৰ বুকুত ফুলা বৰফৰ ফুলৰ এখন ছবিয়ে কৌতূহলৰ সৃষ্টি কৰিছে ৷ উত্তৰ-পূব চীনৰ চংঘুৱা নদীত দেখিবলৈ পোৱা গৈছে এই বৰফৰ ফুলপাহ ৷ নদীখনৰ সমান্য পানীত দেখিবলৈ পোৱা গৈছে এপাহ বৰফৰ ফুল ৷ দাবী কৰা হৈছে এই ফুলপাহ মানৱ নিৰ্মিত নহয় ৷ এই ফুলপাহ প্ৰকৃতি সৃষ্ট ৷
এই বৰফৰ ফুলপাহ নৰৱেৰ কূটনীতিবিদ এৰিক চোলহেইমে শ্বেয়াৰ কৰিছে ৷ এৰিক চোলহেইমে এই ফুলপাহৰ শিৰোনাম দিছিল, ‘‘অসাধাৰণ ! উত্তৰ-পূব চীনৰ চংঘুৱা নদীত বৰফৰ ফুল ৷’’
চীনৰ বাতৰি কাকত পিপছ ডেইলীৰ এক প্ৰতিবেদন অনুসৰি , ‘‘ এইধৰণৰ বৰফৰ ফুল বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে ৷ সাধাৰণতে এই বৰফৰ ফুলবোৰ জোপোহাৰ দৰে গছত দেখা যায় ৷ সাধাৰণতে নদীত এনে দৃশ্য দেখা নাযায় ৷ সাধাৰণতে শৰতৰ শেষৰ ফালে আৰু শীতকালৰ আৰম্ভণিতে বৰফৰ ফুল দেখা যায় ৷ এই সময়ছোৱাত চীনৰ বহু ঠাইত তাপমাত্ৰা হ্ৰাস পায় ৷’’