মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই মিঞা মিঞা চিঞৰি থাকিব সিমানেই অসমত মিঞাৰ দপদপনি বাঢ়িব আৰু দিছপুৰৰ বৰঘৰ মিঞাই দখল কৰিব বুলি এআইইউডিএফ প্ৰধান বদৰউদ্দিন আজমলে কৰা মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।মইতো কৈয়ে আছো অসমখন মিঞাই দখল কৰিব।আজমলে কোৱা কথাটো সঁচা কথা,তেওঁলোকে ভাবি থকা কথাটো আজি আজমলৰ মুখৰে উলাই গল।তেওঁলোকে বিছাৰি আছে মিঞা চৰকাৰ বনাবলে।অসমীয়া মানুহ সজাগ হবৰ হল।অসমীয়া সজাগ নহলে দিছপুৰ মিঞাই দখল কৰিব।গতিকে অসমীয়া মানুহে ইয়াৰ পৰা শিক্ষা লব লাগে যাতে অসমখন আমি মিঞাৰ পৰা বছাব পাৰো।কংগ্ৰেছৰ বৰ ঘৰ ৰাজীৱ ভৱনতো মিঞাৰ দপদপনি বাঢ়িছে।কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ৭৫৬ গৰাকীৰ ভিতৰত ৬০০ গৰাকীয়ে মিঞা গতিকে কংগ্ৰেছ জয়ী হলে অসমত মিঞা চৰকাৰ হব।সেয়ে অসমৰ জনতাই কংগ্ৰেছক বিদায় দিব লাগিব।দেওবাৰে দুলীয়াজানত ২ নং ছলাকটকীত মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে।দুলীয়াজানৰ ১৮২২৩ গৰাকী মহিলাক দেওবাৰে উদ্যমিতাৰ চেক বিতৰণ কৰা হয়।
