Sunday, July 6, 2025
Homeঅসমবৰষুণ দিলে চালেৰে পানী পাৰে কাৰ্যালয়ত

বৰষুণ দিলে চালেৰে পানী পাৰে কাৰ্যালয়ত

 ডিজিটেল ডেস্ক, anews24x7:ৰঙিয়াত চৰকাৰী কাৰ্য‍্যালয়ৰ দুৰৱস্থা । বৰষুণ দিলে চালেৰে পানী পাৰে কাৰ্যালয়ত । উপায়বিহীন কৰ্মচায়ে টিৰপালেৰে ঢাকিব লগীয়া হয় কাৰ্যালয়ত থকা কম্পিউটাৰ আৰু নথি পত্ৰ ।কাৰ্যালয়টো হৈছে ৰঙিয়াৰ ২নং ৱাৰ্ডত থকা ৰঙিয়া ৰেলৱে ষ্টেচন উপ ডাকঘৰটো । দুটি কোঠাত চলি থকা উপ ডাকঘৰটোৰ বৰ্তমান অৱস্থা শোচনীয় । কেন্দ্ৰীয় চৰকাৰৰ অধিনত চলা কাৰ্যালয়টোত যোৱা কেইবা বছৰৰ পৰা বৰষুণ দিলে চালেৰে বৰষুণৰ পানী পৰি থকা হৈছে ।

বাঁহৰ তৰ্জাৰে দিয়া চিলিং খন বছৰ বছৰ ধৰি পানী পৰি থকাৰ ফলত উৱঁলি গৈছে । যাৰ ফলত বৰষুণ দিলেই প্ৰতিবাৰে কাৰ্যালয়টোত বৰষুণৰ পানী পৰি অসুবিধাৰ সৃষ্টি হয় । কাৰ্যালয়টোত থকা নথি সমুহৰ লগতে কম্পিউটাৰ সমুহ পানীৰ পৰা ৰক্ষা কৰিবলৈ কৰ্মচাৰী সকলে টিৰপালেৰে ঢাকি থয় ।

ডাকঘৰৰ গুৰুত্বপূৰ্ণ কাম সমুহৰ লগতে মুলতঃ ৰেল বিভাগৰ কাম সম্পাদন কৰা ডাকঘৰৰ এই শাখাটোৰ দুৰৱস্থাৰ বাবে যথেষ্ট দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অতিকৈ গুৰুত্বপূৰ্ণ শাখাটোৰ মেৰামতিৰ প্ৰয়োজন কেতিয়াবাই হৈছিল যদিও বহু দিনৰ পৰা জোৰাতাপলি মাৰি কোনোমতে কাম চলাই থকা হৈছে ডাকঘৰটোত ।

এনেদৰে থাকিলে ভৱিষ্যতে যিকোনো মুহুৰ্তত বহু গুৰুত্বপূৰ্ণ নথি নষ্ট হোৱাৰ সম্ভাৱনা আছে । গতিকে অনতিপলমে কাৰ্যালয়টো সম্পূৰ্ণ মেৰামতি কৰি ব‍্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments