ডিজিটেল ডেস্ক, ২২জুনঃ অম্বুবাচীৰ সময়ত ভূলতো গ্ৰহণ নকৰিব এইকেইটা বস্তু। যদি গ্ৰহণ কৰে তেনেহ’লে চিৰ জীৱন ৰুগীয়া হৈ থাকিব পাৰে আপুনি। লগতে গোটেইজীৱন লাগি থাকিব পাৰে দৰিদ্ৰতা অভাৱ, অনাটন। অম্বুবাচীৰ সময়ত মানি চলিব লাগে এইকেইটা নীতি-নিয়ম।
কিছুমান নীতি-নিয়ম নজনাৰ বাবে হয়তো বহুতো সমস্যাৰ সন্মুখীন হবলগীয়া হয় আপুনি বা মই। এই খাদ্যবস্তুকেইটা ত্যাগ কৰিলে জীৱনত আপুনি লাভ কৰিব পাৰিব সফলতা। প্ৰথমতে, যিসকলে এই আমতি বা অম্বুবাচী পালন কৰে তেওঁলোকে এই সময়ছোৱাত গৰম বস্তু খোৱাটো নিষিদ্ধ। গৰম চাহ, গৰম গাখীৰ বা অন্য কোনো গৰম বস্তু গ্ৰহণ কৰিব নালাগে। লগতে যিসকলে অম্বুবাচী পালন নকৰে পাৰিলে তেওঁলোকেও বৰ্জন কৰিব লাগে এইকেইটা বস্তু।
দ্বিতীয়তে, এই সময়ছোৱাত খাব নালাগে দৈ। কাৰণ দৈ ওপৰত যথেষ্ট পৰিমাণে থাকে শুক্ল গ্ৰহৰ প্ৰভাৱ। তৃতীয়তে খাব নালাগে ৰঙা ৰঙৰ বা যিকোনো ধৰণৰ শাক। যিহেতু শাক মাটিৰ সৈতে উভালি অনা হয়, সেইবাবে এই সময়ছোৱাত শাক খোৱাতো শাস্ত্ৰত নিষিদ্ধ বুলি মনা যায়। কাৰণ , অম্বুবাচী মানে হৈছে বসুমতী মা ঋতুমতী হোৱা। সেয়েহে এই সময়ছোৱাত মাচিৰ লগতে জড়িত যিকোনো কাম কৰিব নালাগে। চতুৰ্থতে আপুনি যদি মা ৰ কৃপা পাব বিচাৰে তেনেহলে ৰাগীয়াল বস্তু সেৱন কৰাৰ পৰা বিৰত থাকক। এই নিয়ম কেইটা মানি চলিলে আৰ্থিক দিশ, স্বাস্থ্যৰ লগতে অন্যান্য দিশত উন্নতি লাভ কৰিব পাৰিব আপুনি।