ডিজিটেল ডেস্ক, ANEWS24X7: মৈৰাবাৰীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। হাৰিলেও কাম কৰিম, জিকিলে আৰু বেছি কাম কৰিম, এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ।
মৈৰাবাৰীত শুকুৰবাৰে এক অনুষ্ঠানত ভাগ লৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। তেওঁ আৰু কয় যে, আগতে সংখ্যালঘু সম্প্ৰদায়ক লৈ উল্টা পুল্টা ৰাজনীতিয়ে কৰি আহিছিল, কিন্তু বিজেপি দলে উন্নয়নৰ ৰাজনীতিহে কৰে। সেয়েহে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলেও বিজেপিক আদৰি লৈছে। বিজেপি শাসিক কেন্দ্ৰীয় চৰকাৰৰ ৱেলফেয়াৰ আচঁনি ঘৰে ঘৰে পাব লাগিব বুলিও আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।
তদুপৰি উন্নয়ন আৰু বিকাশৰ কোনো টাৰ্গেটেট কমিউনিটি নাই, সকলো সম্প্ৰদায়ৰ সমউন্নয়ন বৰ্তমান চৰকাৰৰ নীতি বুলিও গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে মন্ত্ৰী কিৰেন ৰিজিজুয়ে। আনহাতে মন্ত্ৰী গৰাকীয়ে অসমৰ মানুহৰ অতিথিপৰায়ণতাৰ কথা উল্লেখ কৰি তেখেতে অতি সোৱাদিষ্ট খাদ্য তৃপ্তিৰে খাবলৈ পায় যথেষ্ট সুখী বুলিও কয়।