ডিজিটেল ডেস্ক, ANEWS24X7: বছৰটোৰ দ্বিতীয় দিনটোতে আইএমএফে দিলে এটা বেয়া খবৰ ৷ নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে আইএমএফে দিয়া খবৰটোৱে সমগ্ৰ বিশ্বকে চিন্তিত কৰি তুলিছে ৷ বিশ্ব অৰ্থনীতিৰ বিষয়ে সতৰ্ক কৰি দিছে আইএমএফে ৷
আইএমএফৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই বিশ্ববাসীক সতৰ্ক কৰি কয় যে ,‘‘ ২০২৩ বৰ্ষটো বিশ্ব অৰ্থনীতিৰ বাবে এটা কঠিন বছৰ হ’ব ৷ এই বৰ্ষত বিশ্ব অৰ্থনীতিৰ এক-তৃতীয়াংশ মন্দাৱস্থাৰ গ্ৰাহত পৰিব ৷’’ ‘ফেচ দ্যা নেশ্যন’ শীৰ্ষক অনুষ্ঠানত সদৰী কৰে এই কথা ৷
আইএমএফৰ সঞ্চালিকা গৰাকীয়ে কয় যে ,‘‘২০২৩ বৰ্ষটো বিশ্বৰ বেছিভাগ অৰ্থনীতিৰ বাবে এক কঠিন বছৰ হ’ব ৷ আমেৰিকা , ইউৰোপ আৰু চীনৰ দৰে দেশসমূহৰ দুৰ্বল অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে এই পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি চীন এই বৰ্ষত কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব ৷ অহা কেইমাহ মান চীনৰ বাবে অতি কঠিন হ’ব ৷ ’’
