Friday, November 8, 2024
Homeবাণিজ্যঅক্টোবৰ মাহত নিষিদ্ধ কৰা হ’ল ২৩ লাখ হোৱটছএপ একাউণ্ট

অক্টোবৰ মাহত নিষিদ্ধ কৰা হ’ল ২৩ লাখ হোৱটছএপ একাউণ্ট

ডিজিটেল ডেস্ক, ANEWS24X: জনপ্ৰিয় মেচেজিং এপ হোৱাটছএপে ভাৰতত নিষিদ্ধ কৰিছে ২৩ লাখ একাউন্ট ৷ মেটাই নতুন তথ্য প্ৰযুক্তি নিয়ৰ অধিনত এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

সংস্থাটোৱে ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত মুঠ ২৩,২৪,০০০ টা হোৱাটছএপ একাউন্ট নিষিদ্ধ কৰিছে ৷ ইয়াৰে ৮,১১,০০০ টা একাউন্ট সক্ৰিয়ভাৱে অৱৰোধ কৰা হৈছে ৷মাহিলী প্ৰতিবেদনত এই কথা সদৰী কৰে হোৱাটছাএপে ৷

হোৱাটছএপে অক্টোবৰ মাহত ভাৰতত ৭০১ টা অভিযোগ প্ৰতিবেদন লাভ কৰিছিল । এই অভিযোগৰ ভিত্তিতে এই সমূহ একাউন্ট নিযিদ্ধ কৰা হৈছে ৷ হোৱাটছএপৰ মাহিলী প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

মুক্ত, সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু দায়বদ্ধ ইণ্টাৰনেটৰ দিশত আগবাঢ়ি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ‘ডিজিটেল নাগৰিক’ৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে কিছুমান সংশোধনী জাননী জাৰি কৰা হৈছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments