Saturday, July 5, 2025
Homeঅসমবিজেপিত সাংসদ মন্ত্ৰীয়ে টিকট দিব নোৱাৰে

বিজেপিত সাংসদ মন্ত্ৰীয়ে টিকট দিব নোৱাৰে

ডিজিটেল ডেস্ক, ১১নৱেম্বৰ: সংবাদ মেল যোগে সাংসদ ৰঞ্জিত দত্তই কয় যে এইখন ৰাজনৈতিক সংবাদমেল নহয়। এইখন ব্যক্তিগত সংবাদ মেল। কংগ্ৰেছৰ প্ৰাৰ্থীজনে কান্দি সংবাদ মাধ্যমক তেওৰ মাতৃক মই হত্যা কৰিলো বুলি প্ৰকাশ কৰিছে। তেওৰ মাতৃ মোৰ বাইদেউ স্বৰূপ। তেওৰ মন্তব্যই মোক মৰ্মাহত কৰিছে।‌তেওৰ মাতৃ বিয়োগৰ পিছত তেওৰ খবৰ লবলৈ গৈছো।

মাতৃৰ মৃত্যুক লৈ মোক টানি অনাত বহু দুখ পাইছো। আৰু তেওক টিকট দিম বুলি আশ্বাস দিয়া বুলি কৈছিল। বিজেপিত সাংসদ মন্ত্ৰীয়ে টিকট দিব নোৱাৰে। ইয়াত এখন কমিটিয়ে চাৰ্ভে কৰি টিকট দিয়ে। মই তেওক টিকট দিম বুলি কেতিয়াও কোৱা নাছিলো। ঘৰত সভাও পতা নাছিলোঁ। যদি কিবা প্ৰমাণ আছে দিয়ক। তেও বহুতো টকা পইছা খৰছ ব্যক্তিগত ভাবে কৰিছিল। এদিন ফেক্টৰীলৈ আহি টিকট বিচাৰিছিল।

তেওঁক এপ্লাই কৰিবলৈ কৈছিলো। কিন্তু টিকট নাপালে ও দল ত্যাগ নকৰিবলৈ কৈছিলো। সেই কথা কোৱাটো হয়। কালি যিটো প্ৰেছ মিট পাতি যি বিভ্ৰান্তি কৰিলে তাত দুখ পাইছে।
মাতৃৰ মৃত্যু দুমাহৰ ইলেকচনৰ আগত হৈছিল। সেই সময়ত মই কেনেকৈ হত্যা কৰিম?
এই মন্তব্যক লৈ মই কোনো আইনী প্ৰক্ৰিয়া নকৰোঁ।
আবেগিক মহল এটা সৃষ্টি কৰিবলৈ তেও এই কথা কৈছে বুলি সাংসদ গৰাকীয়ে সংবাদ মেল যোগে জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments