Tuesday, March 10, 2026
Homeউত্তৰ-পূৱঅশান্ত মণিপুৰত নিৰাপত্তা-হীনতাৰ বাবেই “কুকি মন্ত্ৰী” বিধানসভা অধিৱেশনত উপস্থিত নাথাকে

অশান্ত মণিপুৰত নিৰাপত্তা-হীনতাৰ বাবেই “কুকি মন্ত্ৰী” বিধানসভা অধিৱেশনত উপস্থিত নাথাকে

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যখনৰ কুকি সম্প্ৰদায়ৰ অন্তৰ্গত মণিপুৰৰ মন্ত্ৰী নেমচা কিপগেনে ২৯ আগষ্টত ৰাজ্যখনৰ বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ নকৰে।মণিপুৰৰ বস্ত্ৰ, বাণিজ্য আৰু উদ্যোগ আৰু সহযোগিতাৰ মন্ত্ৰী নেমচা কিপগেনে ৰাজ্যখনৰ বিধানসভাৰ অধিৱেশনৰ পৰা ছুটী বিচাৰিছে।মণিপুৰ বিধানসভাৰ অধ্যক্ষ – থ সত্যব্ৰতলৈ লিখা এখন পত্ৰত নেমচা কিপগেন ৰাজ্যখনৰ মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰী ।যি গৰাকী মন্তীয়ে এতিয়া বিধানসভা অধ্যক্ষক তেওঁ পত্ৰ যোগে জনাইছে যে তেওঁৰ নিৰাপত্তাৰ বাবেই ইম্ফললৈ যোৱাৰ পৰা বিৰত থাকিব ।ইয়াৰওপৰি ‘২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰত জাতিগত হিংসাৰ সূত্ৰপাত হোৱাৰ পিছৰে পৰা নিৰাপত্তা হীনতাত থকা কথা দোহাই দি তেখেতৰ পৰিয়ালৰ লোকো বৰ্তমানে ইম্ফলত থকাটো সম্ভৱ নহয় বুলি অৱগত কৰে অধ্যক্ষক।

তেওঁ লগতে কয়, “মই নিৰাপত্তাৰক্ষীৰ পেছাদাৰীসকলৰ সৈতেও পৰামৰ্শ কৰিছো, যিয়ে মণিপুৰৰ ইম্ফলৰ অস্থিৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বাবে মোক সাৱধানতা অৱলম্বন কৰিছে আৰু অধিবেশনত উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ কঠোৰ পৰামৰ্শ দিছে।অব্যাহত থকা হিংসাত্মক সংকটৰ বাবে আৰু ইম্ফলৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ মণিপুৰ বিধানসভাৰ আগন্তুক এদিনীয়া অধিৱেশনত অংশগ্ৰহণ নকৰাটো বৰ্ তমানে নিশ্ছিত হৈ পৰিছে ।উল্লেখনীয় বিষয় যে মণিপুৰৰ পৰা অহা ১০ জন কুকি বিধায়কৰ ভিতৰত নেমচা কিপগেনেই আছিল একমাত্ৰ মহিলা। আনফালে ৰাজ্যখনৰ কুকি-জাতি জনগোষ্ঠীৰ বাবে “সুতৰা প্ৰশাসন”ৰ দাবী জনাইছিল।মণিপুৰৰ পাহাৰীয়া জিলাসমূহৰ বাবে “পৃথক মুখ্য সম্পাদক আৰু ডিজিপি”ৰ দাবীত ১৬ আগষ্টত কুকিৰ ১০জন বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্মাৰক পত্ৰও দাখিল কৰিছিল।

ইয়াৰ পূর্বে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ বাবে “পৃথক প্রশাসন”ৰ দাবী উত্থাপন কৰি ১০জন কুকি-জনগোষ্ঠীয় বিধায়কক নিৰাপত্তাৰ আশ্বাস আৰু কোনো বিভাজন নহব বুলিও আশ্বাস প্ৰদান কৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments