তিনিচুকীয়া, ২৭জুলাই: তিনিচুকীয়া চহৰৰ পৰা অতি নিলগত থকা মাউত চাহ বাগিচাত শনিবাৰে নৱনির্মিত অংগনবাড়ী কেন্দ্ৰৰ আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰা হয় । কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে । তেখেতে কেন্দ্ৰটো শুভ উদ্ধোধন কৰি মাউত চাহ বাগিছাৰ দৰে ভিতৰুৱা অঞ্চলসমূহতো চাহ বাগিছা অঞ্চলৰ কণ কণ শিশু সকলক শিক্ষা জীৱনৰ প্ৰথম পাতনি মেলিবৰ অৰ্থে এনেদৰে সুন্দৰ ভাৱে অংগনবাড়ী কেন্দ্ৰসমূহ নিৰ্মানৰ সুবিধা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে ।
এনেধৰণৰ সুন্দৰ পৰিবেশৰ মাজত কণ কণ শিশুসকলে জীৱনৰ প্ৰথম খোজ আৰম্ভ কৰি সুন্দৰ ভৱিষ্যত গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে । তদুপৰি চাহ বাগিছা সমূহত নিৰ্মাণ কৰা প্ৰায় দুশতকৈও অধিক মডেল হাই স্কুল সমূহ নিৰ্মাণ হৈ উঠাত বাগিছা অঞ্চলৰ শিশুসকলে প্ৰথম পৰ্যায়ৰ অংগনবাড়ী কেন্দ্ৰত অধ্যয়ন কৰি পাছৰ পৰ্য্যায়তো বাগিছা অঞ্চলতে মডেল হাই স্কুল সমূহত অধ্যয়ন কৰি অনান্য জাতি জনগোষ্ঠীৰ লগতে বৃহৎ আদিবাসী সমাজখনৰো শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী ভাৱে আগবাঢ়ি গৈ অসম খনক সৰ্বতোপ্ৰকাৰে আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে মুখ্য ভূমিকা পালন কৰিব বুলি দৃঢ়তাৰে মন্তব্য প্ৰদান কৰে ।