Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়কেদাৰনাথ ধামত অঘটন!

কেদাৰনাথ ধামত অঘটন!

ডিজিটেল ডেস্ক, ANEWS24X7: দুৱাৰ বন্ধ হোৱাৰ পূৰ্বে কেদাৰনাথ ধামত হেলিকপ্টাৰ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ ফাটাৰ পৰা কেদাৰনাথ তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ মঙলবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়। গৰুড়চাট্টিৰ ওচৰত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ নিহত হৈছে সাতজন লোক।

হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে প্ৰচণ্ড বিস্ফোৰণ ঘটি হেলিকপ্টাৰৰ পাখিবোৰত উৰি গৈ জুই লাগিছিল। হেলিকপ্টাৰখন পৰি যোৱাৰ লগে লগে মৃতদেহবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিছিল।

উপত্যকাটোত বেয়া বতৰ আৰু ছাঁ কুঁৱলীৰ ফলত সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনাটো। হেলিকপ্টাৰ খন এমআই-২৬ হেলিপেডৰ পৰা মস্তালৈ উৰা মৰাৰ আগতেই বতৰৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিতো পাইলটে হেলিকপ্টাৰ খন উৰাই লৈ গৈছিল।

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন আৰ্য কোম্পানী আছিল। আনহাতে কেদাৰনাথৰ পৰা উভতি অহাৰ সময়ত গৰুড়চাট্টিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে দলটো উদ্ধাৰৰ বাবে ৰাওনা হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।

সাগৰ পৃষ্ঠৰ পৰা ১১ হাজাৰ ৫০০ ফুটতকৈও অধিক ওপৰৰ অৱস্থিত কেদাৰনাথ অঞ্চললৈ, হেলিকপ্টাৰখন এটা ঠেক উপত্যকাৰ মাজেৰে পাৰ হ’ব লাগে। ইয়াত অত্যাধিক বায়ুৰ চাপৰ সৈতে বতৰ হঠাতে বেয়া হৈ যায়। এনে পৰিস্থিতিত, সামান্য ভুলও হেলিকপ্টাৰ দুৰ্ঘটনাৰ এক মুখ্য কাৰণ হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments