Tuesday, March 10, 2026
Homeঅসমকাৰ্বি আংলঙত আৰক্ষীৰ লগত ভয়ংকৰ কাণ্ড

কাৰ্বি আংলঙত আৰক্ষীৰ লগত ভয়ংকৰ কাণ্ড

জন-জাতি প্ৰতিবাদীৰ ক্ষোভত জ্বলিছে কাৰ্বি আংলঙৰ খেৰনি।

পুৱাৰে পৰা চলি থকা প্ৰতিবাদত কেইবাটা বাসগৃহ-দোকান জ্বলি ছাই হৈ।জ্বলিছে কেইবাটা বাইক ফুটিছে অসংখ্য গ্যাস চিলেণ্ডাৰ।

পুৱাৰে পৰা চলিথকা প্ৰতিবাদত হাজাৰ হাজাৰ প্ৰতিবাদীক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে লাঠি চালনাৰ লগতে শূন্য লৈ গুলি চালনা কৰিছিল যদিও প্ৰতিবাদীকাৰীয়ে আৰক্ষীলৈ শিল বটল নিক্ষেপ কৰি আক্ৰমণ কৰে।

জ্বলি থকা জুই নিবাবলৈ অগ্নীনিৰ্বাহক বাহিনিও অক্ষম হৈ পৰিছে।

এক প্ৰকাৰ খেৰনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী সম্পৰ্নৰূপে বিফল হোয়া পৰিলক্ষিত হৈছে।

ইতিমধ্যে মন্ত্ৰী ৰনোজ পেগু আৰু আৰক্ষী সঞ্চালক প্ৰধান ঘটনাস্থলিত উপস্থিত হৈ ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও বিফল হয়।

এলেকাটোত সম্পূৰ্নৰূপে ইণ্টাৰনেট বন্ধ কৰি ৰখা হৈছে।

ঘটনা আৰক্ষী সঞ্চালক প্ৰধানৰ লগত আৰক্ষী জোৱান প্ৰতিবাদীকাৰী সকল আঘাত প্ৰাপ্ত হৈছে।

PGR/VGR ভূমি উচ্ছেদৰ দাবীত কালিৰে পৰা এই প্ৰতিবাদ গঢ়িতোলা হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments