গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে অসম বিধানসভাত এক নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি হয়৷ বিধায়ক অখিল গগৈৰ এটা সংকল্প প্ৰস্তাৱত বেলট ভোটৰ সন্মুখীন হ’বলগীয়া হয় বিজেপি চৰকাৰ৷ বিৰোধী পক্ষই লাভ কৰে ৩০ টা ভোট আৰু শাসক পক্ষই পায় ৩৯ টা৷ কথমপিহে ৰক্ষা পৰিল বিজেপি চৰকাৰ৷ আজিৰ সংকল্প প্ৰস্তাৱত চৰকাৰী পক্ষপৰাজিত হোৱা হ’লে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আস্থা ভোটৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন৷ বিধানসভাৰ প্ৰস্তাৱিত ভোটদান কাৰ্যসূচী স্থগিত ৰাখি শাসক পক্ষৰ বিধায়কক ততাতৈয়াকৈ বিধানসভালৈ মাতি আনি যেনে তেনেহে ৰক্ষা পৰে চৰকাৰ৷ বিধানসভাত আজি এই বিষয়ত এক উত্তেজিত, ৰোমাঞ্চকৰ অচলাৱস্থাৰ সৃষ্টি হয়৷
আজি অসম বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এক সংকল্প প্ৰস্তাৱ উত্থাপন কৰে৷ অখিল গগৈৰ সংকল্প প্ৰস্তাৱটো আছিল অসমৰ কৃষিভূমিসমূহত সকলো সময়তে পানী যোগান ধৰি অসমখনক বাৰ মাহেই কৃষিৰ উপযোগী ৰাজ্য হিচাপে গঢ়ি তোলা৷ দিনৰ প্ৰায় ১১.৩০ বজাত বিধায়ক গগৈয়ে তেওঁৰ সংকল্প প্ৰস্তাৱটোপাঠ কৰে৷ তেওঁৰ সংকল্প প্ৰস্তাৱটোৰ পূৰ্ণ পাঠ এনেধৰণৰ– “জলসিঞ্চনৰ অভাৱত অসমৰ বহু কৃষিভূমিত এতিয়াও বছৰত কেৱল এবাৰ খেতি কৰি অৱশিষ্ট সময়খিনিৰ বাবে পথাৰবোৰ পেলাই থোৱা হয়৷ কেৱল প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে এতিয়াও কৃষিভূমিত খেতি কৰে৷ কিন্তু কেতিয়াবা অতিবৃষ্টি অথবা বানপানী আৰু কেতিয়াবা অনাবৃষ্টি অথবা খৰাঙৰ বাবে কোনো কোনো কৃষিভূমিত বছৰত এবাৰো খেতি কৰাটো সম্ভৱ হৈ নুঠে৷ ফলত ৰাজ্যখনত কৃষিৰ উৎপাদনশীলতা আশা কৰাধৰণৰ নহয়৷ ২১ শতিকাৰ আধুনিক যুগতো আমাৰ ৰাজ্যখনত কেতিয়াবা কেতিয়াবা বৰষুণ বিচাৰি কৃষকে অন্ধবিশ্বাসৰ বলি হৈ ভেকুলীৰ বিয়া পাতে৷
ৰাজ্যখনৰ সকলো কৃষিভূমিতে জলসিঞ্চনৰ ব্যৱস্থা কৰি প্ৰাকৃতিক বৰষুণৰ ওপৰত কৃষকসকলৰ নিৰ্ভৰতা নাইকিয়া কৰিবলৈ, বছৰটোৰ সকলো সময়তে পথাৰত খেতি কৰিব পৰাকৈ ৰাজ্যখনৰ কৃষকসকলক প্ৰস্তুত কৰিবলৈ আৰু সকলো সময়তে পথাৰত পানী যোগান ধৰি অসমক বছৰটোৰ বাৰ মাহে খেতি কৰা ৰাজ্যৰূপে গঢ়ি তুলিবলৈ অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰো আহক৷” এই প্ৰস্তাৱ পাঠ কৰি বিধায়ক গগৈয়ে প্ৰস্তাৱটোৰ সপক্ষে ৭ মিনিট মানৰ এটি বক্তৃতা প্ৰদান কৰে৷ বিধায়ক গগৈয়ে কয় যে অসমৰ মুঠ মাটি কালি ৭৮, ৪৩, ৮০০ হেক্টৰ যদিও তাৰ ভিতৰত কেৱল ২৬,৯৯,০০০ হেক্টৰ ভূমিতহে ৰাজ্যখনে খেতি কৰে৷ এই কৃষি কাৰ্য কৰা ভূমিৰ ভিতৰত ৫,৭১,০০০ হেক্টৰ ভূমিতহে জলসিঞ্চন আছে৷ অৰ্থাৎ অসমৰ কেৱল ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে৷
ইয়াৰ বিপৰীতে পাঞ্জাৱৰ নিচিনা ৰাজ্যত ৯৯.৭০ শতাংশ কৃষি ভূমিতেই জলসিঞ্চনৰ ব্যৱস্থা আছে৷ ভাৰত চৰকাৰৰ কৃষি বিভাগৰ তথ্য প্ৰদৰ্শন কৰি অখিল গগৈয়ে কয় যে যি সময়ত পাঞ্জাৱৰ ১ হেক্টৰ ভূমিত ২,৩৪০ কিঃগ্ৰাঃ ধান উৎপাদন হয় সেই সময়ত অসমৰ ৰ হেক্টৰ ভূমিত কেৱল ২,২৩৫ কিঃগ্ৰাঃহে ধান উৎপাদন হয়৷ দেশৰ দহখন প্ৰধান ধান উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৯৷ বিধায়ক গগৈয়ে কয় যে আজিৰ আধুনিক যুগত অসমৰ মানুহে কঠিয়া পাৰিবলৈ, ধান ৰুবলৈ প্ৰাকৃতিক বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে৷ এতিয়াও অসমৰ মানুহে খেতিৰ সময়ত বৰষুণ নিদিলে ভেকুলীৰ বিয়া পাতে৷ এতিয়াও আমি বৰষুণৰ বাবে ভেকুলীৰ বিয়া পতা জাতি৷অসমৰ জলসিঞ্চন বিভাগে পথাৰত পানী যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত এডৰা পথাৰতো পানী যোগান ধৰিব পৰা নাই৷ প্ৰতিডৰা পথাৰত পানী যোগানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গেৰাণ্টি অসমত এশ শতাংশই বিফল৷ কিন্তু অসমক যদি দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে, দেশৰ ধনী ৰাজ্যবিলাকৰ এখন কৰিব লাগে প্ৰথম আৰু প্ৰধান কামটো হ’ব অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ পৰিণত কৰা৷ পৃথিৱীৰ কোনো দেশ, কোনো ৰাজ্য বছৰত এবাৰ খেতি কৰি পথাৰ পেলাই থৈ ধনী হ’ব নোৱাৰে৷ এতিয়া আমাৰ সময় অসমীয়া জাতিক পেচাদাৰী জাতি ৰূপে গিঢ়ি তোলা৷
ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ একমাত্ৰ লক্ষ্য হ’ল অসমত হিতাধিকাৰী সৃষ্টি কৰা৷ অসমৰ পথাৰত এশ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰি আৰু বানপানীৰ পৰা ৰক্ষা কৰি অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যলৈ ৰূপান্তৰ কৰিবলৈ আজিৰ বিধানসভাত সবৰ্সন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হওক বুলি বিধায়ক অখিল গগৈয়ে আহ্বান জনায়৷ ইয়াৰ পাছতেই জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে এই সংকল্প প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰে৷ মন্ত্ৰী সিংঘালৰ উত্তৰৰ পাছতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ধ্বনি ভোটৰ আহ্বান জনায়৷ ধ্বনি ভোটৰ সময়ত বিধায়ক অখিল গগৈয়ে বেলট ভোটৰ প্ৰস্তাৱ দিয়ে৷ এই প্ৰস্তাৱক কংগ্ৰেছ, এআইইউডিএফ আৰু চিপিআই(এম) দলৰ বিধায়কসকলে সমৰ্থন কৰে৷ বিধানসভাৰ অধ্যক্ষই ভোটৰ বাবে সন্মতি প্ৰকাশ কৰে আৰু দহ মিনিট সময়ৰ বাবে সদন স্থগিত ঘোষণা কৰে৷
কিন্তু দহ মিনিট যোৱাৰ পাছতো ভোটদান পৰ্ব সমাপন নহ’ল৷ আধা ঘণ্টাতকৈ অধিক সময় সদনৰ কাম-কাজ স্তব্ধ হৈ পৰে৷ সদনত এক অচলাৱস্থাৰ সৃষ্টি হয়৷ সৃষ্টি হয় এক ৰোমাঞ্চকৰ আৰু উত্তেজিত পৰিৱেশ৷ বিৰোধী কংগ্ৰেছ দল আৰু এআইইউডিএফে হুইপ জাৰি কৰি সকলো বিধায়ককে এই সংকল্প প্ৰস্তাৱৰ সপক্ষে ভোট দান কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে চৰকাৰী পক্ষত সেই সময়ত সামান্য সংখ্যক বিধায়কহে উপস্থিত আছিল৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে তৎপৰতা প্ৰদৰ্শন কৰি সকলো বিধায়ককে বিধানসভালৈ নিমন্ত্ৰণ কৰাত ব্যস্ত হৈ পৰে৷ বিজেপি, অগপ, ইউপিপিএল আৰু বিপিএফ দলৰ বিধায়কসকলৰ লগত বাৰম্বাৰ সভা অনুষ্ঠিত কৰে৷ মুঠতে বিধানসভাত এক যুদ্ধসদৃশ তৎপৰতাৰ সৃষ্টি হয়৷ অৱশেষত বিধানসভাত বেলট ভোট অনুষ্ঠিত হ’ব বুলি অধ্যক্ষই ঘোষণা কৰে আৰু বেলটসমূহ বিধায়কসকলৰ হাতত প্ৰদান কৰে৷ ভোট অনুষ্ঠিত হয়৷ ফলাফল হ’ল বিৰোধী ৩০, শাসকীয় পক্ষ ৩৯৷
যেনেতেনেহে আজি চৰকাৰখনে সংকল্প প্ৰস্তাৱৰ বিপক্ষেজয়ী হ’বলৈ সক্ষম হয়৷ যদিহে আজিৰ ভোট দানত বিৰোধী পক্ষ জয়ী হ’লহেতেঁন তেন্তে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে সংসদীয় নিয়ম অনুসৰি আস্থা ভোটৰ সন্মুখীন হ’বলগীয়া হ’লহেতেঁন৷ সংকল্প প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পাছত বিধায়ক অখিল গগৈয়ে বিৰোধী দলসমূহক ভূয়সী প্ৰশংসা কৰে৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কংগ্ৰেছ, এআইইউডিএফ আৰু চিপিআই(এম) দলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিজেপি দলক তেওঁ কঠোৰভাৱে সমালোচনা কৰে৷ তেওঁ কয়– পথাৰো আমাৰ বজাৰো আমাৰ বুলি চিঞৰি থকা বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কসকলে অসমক বাৰ মাহে খেতি কৰা ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বিৰুদ্ধে ভোটদান কৰি বিজেপিৰ প্ৰকৃত চৰিত্ৰ উন্মুক্ত কৰি দিয়ে৷ তেওঁলোক উন্নয়নৰপক্ষত নহয়, চৰকাৰ কৃষকৰ পক্ষত নহয়৷ বিজেপি আৰু মিত্ৰদলে কেৱল হিতাধিকাৰী তৈয়াৰ কৰাৰহেপক্ষপাতি৷
অসমীয়া মানুহক আত্মনিৰ্ভৰশীল হ’বলৈ আৰু ৰাজ্যখনক উন্নতিৰ শিখৰলৈ লৈ যাবলৈ বিজেপি ৰাজী নহয়৷ বিজেপিয়ে অসমীয়া জাতিক পেচাদাৰি জাতি হিচাপে নিবিচাৰে, বিচাৰে হিতাধিকাৰী জাতি হিচাপে৷ সেয়েহে এই বিজেপিক আমি উচিত শিক্ষা দিব লাগিব৷ বিধায়ক অখিল গগৈয়ে কয় যে আজি তেওঁৰ বিধায়ক জীৱনৰ আটাইতকৈ স্মৰণীয় দিন৷ “গোটেই জীৱন কৃষক আন্দোলনৰ বাবে উছৰ্গা কৰি আজি বিধানসভাত বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিবলৈ সংকল্প প্ৰস্তাৱ উত্থাপন কৰিবলৈ পোৱাটো মোৰ জীৱনৰ স্মৰণীয় ঘটনা৷ কৃষকৰ আৰু জাতিৰ স্বাৰ্থত হকে সংকল্প প্ৰস্তাৱ উত্থাপন কৰি জনগণ বিৰোধী বিজেপি চৰকাৰক থৰহৰি কম্পমান কৰিব পৰাটো মোৰ জীৱনৰ এটা শ্ৰেষ্ঠ দিন৷ মোৰ সংকল্প প্ৰস্তাৱত অসমৰ সকলো বিৰোধী ঐক্যৱদ্ধ হোৱাটোও এটা তাৎপৰ্যপূৰ্ণ দিশ৷”