ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছৰ দুই বিধায়কৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান ৷ ঝাৰখণ্ডৰ দুই কংগ্ৰেছী বিধায়ক অনুপ সিং আৰু প্ৰদীপ যাদৱৰ বাসগৃহত আয়কৰ বিভাগে অভিযান চলাইছে ৷ বিহাৰ আৰু ঝাৰখণ্ড আয়কৰ বিভাগৰ দলে গোড্ডা , ৰাঁচীৰ কাংকে ৰোড আৰু ডোৰাণ্ডাৰত অভিযান চলাইছে ৷
প্ৰদীপ যাদৱ পোদিয়াতা বিধানসভা সমষ্টিৰ বিধায়ক আৰু অনুপ সিং বেৰ্মোৰ বিধানসভা সমষ্টিৰ বিধায়ক ৷ এই দুজন বিধায়কৰ উপৰিও শিৱশংকৰ যাদৱৰ বাসগৃহতো আয়কৰ বিভাগে অভিযান চলাইছে ৷
উল্লেখ্য যে বৃহস্পতিবাৰে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেনৰ খনি কেলেংকাৰীৰ গোচৰত মাতি পঠিয়াইছিল ৷ ইডিৰ কাৰ্যালয়ত উপস্থিত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী চোৰেনে ৷
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে কয় যে , ‘‘ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে জনজাতীয় মুখ্যমন্ত্ৰীক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ কৰিছে। আমাৰ পূৰ্বপুৰুষসকলে কেতিয়াও হাৰ মানিবলৈ শিকোৱা নাই। আমি যুঁজ দিম আৰু আমি জিকিম। আমাৰ চৰকাৰে সকলো স্তৰৰ লোকৰ বাবে অত্যন্ত ভাল কাম কৰি আছে। বিৰোধীয়ে ইয়াক সহ্য কৰিব পৰা নাই।