ডিজিটেল ডেস্ক, ANEWS24X7: ২৩ বছৰৰ পূৰ্বে ১৫ হাজাৰ টকা উৎকোচ লৈছিল এজন আয়কৰ বিষয়াই ৷ ২৩ বছৰৰ পিছত ছয় বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিলে ন্যায়ালয়ে ৷ লগতে জৰিমনা বিহিলে ১.৫ লাখ টকা ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৷
১৯৮৯ বেচৰ ভাৰতীয় ৰাজহ সেৱা বিষয়া অৰবিন্দ মিশ্ৰৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ আয়কৰ বিষয়াজনে ‘নো ডিউজ চাৰ্টিফিকেট’ জাৰী কৰাৰ বাবে তেওঁৰ পৰা ২০,০০০ টকাৰ উৎকোচ দাবী কৰিছিল ।
অভিযোগকাৰীৰ পৰা ১৫,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত চিবিআইয়ে অৰবিন্দক আটক কৰিছিল। ইয়াৰ পিছতে ১৯৯৯ চনৰ ২৯ নৱেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ৰুজু কৰিছিল এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতে লক্ষ্ণৌৰ এখন চিবিআই বিশেষ আদালতে সোমবাৰে ভাৰতীয় ৰাজহ সেৱা বিষয়া অৰবিন্দ মিশ্ৰক দোষী সাব্যস্ত কৰে ৷