Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়যোশীমঠকলৈ উদ্বেগ বৃদ্ধি

যোশীমঠকলৈ উদ্বেগ বৃদ্ধি

ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰাখণ্ডৰ যোশীমঠত প্ৰকৃতিৰ ভয়াবহ ৰূপ ৷ যোশীমঠত খহিবলৈ ধৰিছে ভূখণ্ড ৷যোশীমঠৰ বাসগৃহ সমূহত দেখা গৈছে বৃহৎ ফাট ৷ এনে পৰিস্থিতিত প্ৰশাসনে তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান ৷

অঞ্চলটোৰ বাসিন্দা সকলক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ ৷ যোৱা কেইটামান দিনত যোশীমঠৰ ৰাজপথতো মেলিছে বৃহৎ ফাট ৷ এনে পৰিস্থিতি হেলিকপ্টাৰেৰে নিৰাপদ শিবিৰলৈ স্থানান্তৰ কৰা হৈছে অঞ্চলবাসীক ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু প্ৰশাসনে অধিক তীব্ৰতৰ কৰিছে অভিযান ৷

পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবৰ বাবে দেওবাৰে আবেলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উচ্চস্তৰীয় বৈঠক ৷ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব পিকে মিশ্ৰয় আহ্বান জনাইছে এই গুৰুত্বপূৰ্ণ বৈঠকৰ ৷

এই উপস্থিত থাকিব কেবিনেট সচিব সকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল ৷ ইয়াৰ ওপৰিও ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকল উপস্থিত থাকিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments