Friday, November 8, 2024
Homeক্ৰীড়াদিল্লীত কেংগেৰুবাহিনীক উফৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখলৰ পথত পুনৰ টীম ইণ্ডিয়া

দিল্লীত কেংগেৰুবাহিনীক উফৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখলৰ পথত পুনৰ টীম ইণ্ডিয়া

ডিজিটেল ডেস্ক, ANEWS24X7: দিল্লীত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্টত জয়ী হ’বলৈ ভাৰতক মাত্ৰ ১১৫ ৰাণৰ প্ৰয়োজন আছিল। এই ৰাণ লাভ কৰি ভাৰতে তৃতীয় দিনাই খেল শেষ কৰিব তাত কোনো সন্দেহ নাছিল। মাত্ৰ প্ৰশ্ন উত্থাপিত হৈছিল যে কিমান উইকেটত বিজয়ী হ’ব ? ইপিনে কে এল ৰাহুলে পুনৰ নিজৰ চমকপ্ৰদ ফৰ্ম বজাই ৰাখিলে। অধিনায়ক ৰোহিত শৰ্মাই কেইবাটাও দুৰ্দান্ত শ্বট খেলে। ৩১ ৰাণৰ ইনিংছত তিনিটা বাউণ্ডেৰী আৰু দুটা ৬ লাভ কৰে। পূজাৰাৰ লগত হোৱা ভুল বুজাবুজিৰ বাবে ৰাণ আউট হৈছিল।

ইয়াৰ পিছত অৱশ্যে বিৰাট আৰু পূজাৰাই ভাৰতৰ ইনিংছ আগুৱাই লৈ গৈ থাকিল। তেওঁ একক আৰু ডাবলছৰ সৈতে স্ক’ৰব’ৰ্ড চলাই ৰাখিছিল।লক্ষ্য আছিল হাতত যিমান পাৰি সিমান উইকেট লৈ মেচখন জয় কৰা। ইয়াৰ পূৰ্বে পুৱা ৰবীন্দ্ৰ জাদেজাৰ ৭ উইকেট আৰু অশ্বিনৰ ৩ উইকেটৰ সহায়ত অষ্ট্ৰেলিয়াৰ ইনিংছ সামৰণি পৰিছিল।আজি ভাৰতৰ জয়ৰ মাজতো চেতেশ্বৰ পূজাৰাৰ এক অগ্নি পৰীক্ষা আছিল।

তেওঁৰ ৰাজ্য সৌৰাষ্ট্ৰ ৰঞ্জী চেম্পিয়ন। ভাৰতীয় পৰিস্থিতিত তেওঁৰ গুৰুত্ব সম্পূৰ্ণৰূপে হেৰাই যোৱা নাই, হয়তো প্ৰথম ইনিংছত এটা উইকেট লোৱাৰ পিছত তেওঁ তাকেই প্ৰমাণ কৰিলে। কিন্তু বিৰাট কোহলীয়ে ক্ৰমান্বয়ে অষ্ট্ৰেলিয়াৰ পৰা খেলখন জিকাৰ সুযোগ কাঢ়ি লৈ যায়।

আজি ৰেডবল টেষ্ট ক্ৰিকেটতো দায়িত্ব ল’লে কিং কোহলীয়ে। আনহাতে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক অসহায় যেন লাগিছিল। তেওঁ বিভ্ৰান্তিৰ মাজত থিয় হৈ আছিল।প্ৰথম টেষ্টত যি ভূমিকা পালন কৰিছিল, সেই ভূমিকা পালন কৰিব নোৱাৰিলে দিল্লীত মাৰ্ফীয়ে। লায়ন্সে ভাল চেষ্টা কৰিলেও ভাৰতক ৰোধিবলৈ সক্ষম নহ’ল ফলত যি হ’ব লগা আছিল সেয়াই হ’ল। বৰ্ডাৰ-গাভাস্কাৰ চিৰিজত ২-০ ব্যৱধানেৰে আগুৱালে ভাৰত লগতে এখন টেষ্টত জয়লাভ কৰিলে ভাৰতৰ চিৰিজ বিজয় নিশ্চিত হৈ পৰিব। কিন্তু ভাৰতৰ লক্ষ্য আৰু অধিক উচ্চ। অষ্ট্ৰেলিয়াক ৪-০ ব্যৱধানেৰে পৰাস্ত কৰিব বিচাৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments