ডিজিটেল ডেস্ক ANEWS24X7: মঙলবাৰে নতুন দিল্লীত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পন্ন হয় সাত খন বুজাবুজি চুক্তি ৷ নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত ভাৰত-বাংলাদেশৰ প্ৰতিনিধি সকলৰ মাজত অনুষ্ঠিত হয় এক আলোচনাত ৷
এই বৈঠকতে ভাৰত আৰু বাংলাদেশৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ৷ এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰবিন্দ বাগচীয়ে কয় যে , ‘‘ উক্ত বৈঠকত সংযোগ, শক্তি, জলসম্পদ, বাণিজ্য আৰু বিনিয়োগ, সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা, উন্নয়ন অংশীদাৰীত্ব আৰু আঞ্চলিক আৰু বহুপাক্ষিক বিষয় সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনাত কৰা হৈছে।’’
উল্লেখ্য যে চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ বাংলাদেশীৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আৰু ভাৰত-বাংলাদেশ সম্পৰ্কলৈ প্ৰশংসা কৰিছে ৷ বাংলাদেশৰ আৰ্থিক মন্দাৱস্থাৰ মাজতে শ্বেখ হাছিনাৰ এই ভাৰত ভ্ৰমণে বাংলাদেশৰ জনতাৰ প্ৰতি আশা কঢ়িয়াই আনিব বুলি ধাৰণা কৰা হৈছে ৷