ডিজিটেল ডেস্ক, ANEWS24X7:অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত T-20 বিশ্বকাপ ছুপাৰ ১২-ৰ অন্তিমখন খেলত ভাৰতৰ বৃহৎ জয় ৷ দেওবাৰে অনুষ্ঠিত হোৱা খেলখনত ভাৰতে ৭১ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে জিম্বাবুৱেক ৷ টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰথমে বেট ধৰি ভাৰতে ৫ টা উইকেটৰ বিনিময়ত ১৮৬ ৰাণ সংগ্ৰহ কৰে ৷
ইয়াৰ প্ৰত্যুত্তৰত জিম্বাবুৱেৰ দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১১৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ কে এল ৰাহুলে ৫১ ৰান , সূৰ্ষকুমাৰ যাদৱে ৬১ ৰাণত অপৰাজিত হৈ থাকে ৷ আনহাতে বিৰাট কোহলীয়ে ২৫ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰি আউট হয় ৷
উল্লেখ্য যে, অহা ৯ নৱেম্বৰত প্ৰথমখন ছেমিফাইনেল পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৷ ১০ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ এডেলেইড অভাল ষ্টেডিয়ামত দ্বিতীয়খন ছেমিফাইনেল খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ভাৰত ৷