Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰসংঘত চীনৰ বিপক্ষে ভোট প্ৰদান নকৰিলে ভাৰতে

ৰাষ্ট্ৰসংঘত চীনৰ বিপক্ষে ভোট প্ৰদান নকৰিলে ভাৰতে

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰসংঘত কৌশলী স্থিতি গ্ৰহণ কৰিছে ভাৰতে ৷এইবাৰ ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে ভোট প্ৰদান নকৰিলে ভাৰতে ৷ উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশত সংখ্যালঘু উইঘুৰ মুছলমানৰ ওপৰত চীনে দীৰ্ঘদিন ধৰি চলোৱা নিৰ্যাতন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে বিতৰ্কৰ আয়োজন কৰিছিল ৷ ইয়াৰ বাবে খচৰা প্ৰস্তাৱ আনা হৈছিল আৰু সদস্য দেশ সমূহৰ মাজত ভোটৰ ব্যৱস্থা কৰা হৈছিল ৷

এই সন্দৰ্ভত ভাৰতে কৌশলী স্থিতি গ্ৰহণ কৰি ভোটদানৰ পৰা বিৰত থাকে ৷ ভাৰতক প্ৰতিটো সময়তে শত্ৰুজ্ঞান কৰি অহা চীনকলৈ এনে কৌশলী স্থিতি গ্ৰহণ কৰাকলৈ চৰ্চা সৃষ্টি হৈছে কূটনৈতিক মহলে ৷ ইয়াক কূটনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

কানাডা, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, নৰৱে আৰু চুইডেনে খচৰা প্ৰস্তাৱটো প্ৰস্তুত কৰিছিল। তুৰ্কীৰ দৰে কিছুমান দেশে এই প্ৰস্তাৱক সমৰ্থন কৰিছিল । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪৭ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৭ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱত সন্মত হৈছিল আৰু ১৯ খন দেশে ইয়াক ভেটো দিছিল।আনহাতে এঘাৰখন দেশে ভোটদানৰ পৰা বিৰত আছিল। ভোটদানৰ পৰা বিৰত থকা দেশ সমূহৰ ভিতৰত আছে ভাৰত, ব্ৰাজিল, মেক্সিকো আৰু ইউক্ৰেইন।

এই সন্দৰ্ভত ভাৰত চৰকাৰে কয় যে ,‘‘ ভাৰতে সকলো ধৰণৰ মানৱ অধিকাৰৰ বাবে থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ এখন নিৰ্দিষ্ট দেশৰ বিৰুদ্ধে এটা প্ৰস্তাৱ অনাটো কোনো কামৰ নহয় ৷ ইয়াৰ বাবে আমি এক নিৰন্তৰ ইতিবাচক আলোচনা বিচাৰো ৷ এইটো দেখা উচিত যে জিনজিয়াঙৰ উইঘুৰ স্বায়ত্বশাসিত অঞ্চলত মানৱ অধিকাৰ উলংঘন কৰা নহয় ৷ আমি আশা কৰো যে সংশ্লিষ্ট পক্ষবোৰে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments