ডিজিটেল ডেস্ক, ৩০ছেপ্তেম্বৰ: মুষলধাৰ বৰষুণৰ বাবে বাতিল ভাৰত-ইংলেণ্ডৰ খেল। বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰা ওলাই গ’ল টীম ইণ্ডিয়া-ইংলেণ্ড।
বৰষুণে বিধিপথালি দিলে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলত। আজি গুৱাহাটীৰ বৰ্ষাপাৰাত আছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ ৱাৰ্ম আপ মেচ। দুপৰীয়া ২ বজাৰ পৰা খেল আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু খেল আৰম্ভ হোৱাৰ কছু সময় গুৱাহাটীত আৰম্ভ হয় বৰষুণ। যাৰ ফলত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেল বাতিল হয়।
ক্ৰিকেটপ্ৰেমীয়ে বহু আশাৰে বাট চাই ৰৈছিল এই খেলখনৰ বাবে। খেলৰ পূৰ্বে দৰ্শকেৰে ভৰি পৰিছিল বৰ্ষাপাৰা ষ্টেডিয়াম। ভাৰতীয় দলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু খেল আৰম্ভ হোৱাৰ মাত্ৰ ৫ মিনিট পূৰ্বে বৰ্ষাপাৰাত আৰম্ভ হয় বৰষুণ। প্ৰথমে খেলখন কিছুসময় পলমকৈ আৰম্ভ হ’ব বুলি আশা কৰা হৈছিল। কিন্তু ক্ৰমাৎ বৰষুণ বেছি হোৱাৰ ফলত শেষত খেল বাতিল কৰিবলগীয়া হয়। যাৰ ফলত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখন অমীমাংসিত হৈ ৰয়।