ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতে বৃদ্ধি কৰিছে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ পৰিমাণ ৷ বিগত ২০২২ বৰ্ষত ভাৰতে ৩৩ গুণ বেছি খাৰুৱা তেল ক্ৰয় কৰিছে ৷ ভাৰতে নিষেধাজ্ঞাত প্ৰভাৱিত ৰাছিয়াৰ পৰা যোৱা ডিচেম্বৰ মাহত প্ৰতিদিনে প্ৰায় ১.২ নিযুত বেৰেল তেল ক্ৰয় কৰিছে ৷
নৱেম্বৰ মাহৰ তুলনাত ভাৰতে ডিচেম্বৰ মাহত ২৯ শতাংশ বেছি তেল ক্ৰয় কৰিছে ৷ বিগত কেইমাহ মানৰ পৰা ৰাছিয়াই চৌদি আৰৱ আৰু ইৰাকক অতিক্ৰম কৰি ভাৰতক সৰ্বাধিক খাৰুৱা তেল যোগান ধৰিছে ৷
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াই ওপৰত কেইবাখনো দেশৰ লগতে ইউৰোপীয় ইউনিয়নে নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ ইয়াৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছিল ৰাছিয়া ৷ এনে পৰিস্থিতিত ৰাছ্য়াই ভাৰতৰ হৈছে খাৰুৱা তেল যোগানৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল ৷
ৰাছিয়াৰ সমান্তৰালকৈ ভাৰতে ইৰাক আৰু চৌদি আৰবৰ পৰাও অধিক পৰিমাণৰ খাৰুৱাতেল ক্ৰয় কৰিছে ৷ ইৰাকৰ পৰা ক্ৰয় দৈনিক ৭ শতাংশ বৃদ্ধি হৈ প্ৰায় ৮৮৬,০০০ বেৰেল হয়, আনহাতে চৌদি আৰৱৰ পৰা ক্ৰয় ১২ শতাংশ বৃদ্ধি হৈ দৈনিক প্ৰায় ৭৪৮,০০০ বেৰেল হয়। উল্লেখ্য যে ভাৰতে আমদানিৰ জৰিয়তে ৮৪ শতাংশতকৈ অধিক তেলৰ চাহিদা পূৰণ কৰে ৷ এই তথ্য প্ৰকাশ কৰিছে ভৰটেক্সা লিমিটেডে ৷