Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়বিশ্বৰ আটাইতকৈ প্রদূষিত দেশৰ তালিকাত ভাৰত

বিশ্বৰ আটাইতকৈ প্রদূষিত দেশৰ তালিকাত ভাৰত

ডিজিটেল ডেস্ক, ANEWS24x7: বিশ্বৰ আটাইতকৈ প্রদূষিত দেশৰ ভিতৰত অন্যতম দেশ হিচাপে তালিকাভুক্ত ভাৰত। ছুইজাৰলেণ্ডৰ ‘আইকিউ এয়াৰ’-এ মঙলবাৰে মুকলি কৰা ইয়াৰ ‘ৱৰ্ল্ড এয়াৰ কোয়ালিটি ৰিপ’ৰ্ট’ত মতে ভাৰতে এতিয়া বিশ্বৰ অষ্টম সংখ্যক সৰ্বাধিক প্ৰদূষিত দেশ হিচাপে স্থান পাইছে।

ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ তালিকাত বিশ্বৰ প্ৰদূষিত দেশৰ ভিতৰত ভাৰত ২১ সংখ্যক স্থানত আছিল। কিন্তু বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত, ৫০ খন চহৰৰ ভিতৰত ৩৯ খন চহৰ ভাৰততে আছে। ইপিনে বিশ্বৰ ১৩১ খন ৰাষ্ট্ৰৰ ৭,৩০০ খন চহৰত কৰা প্ৰদূষণৰ জৰীপত প্রকাশ পাইছে। এই ৩৯ খন প্ৰদূষিত চহৰৰ ভিতৰত অসমৰ গুৱাহাটী অন্যতম।

চাদ, ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বুৰ্কিনা ফাছো, কুৱেইট, ভাৰত, ইজিপ্ত আৰু তাজিকিস্তান শীৰ্ষ ১০ খন আটাইতকৈ প্ৰদূষিত দেশ । এইবাৰ আন্তঃৰাষ্ট্ৰীয় তালিকাত সর্বাধিক প্ৰদূষিত দেশ হিচাপে চাদে প্রথম স্থান লাভ কৰিছে লগতে একাদিক্রমে ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বাৰ্কিন ফাছো আৰু কুৱেইটে এই তালিকাত স্থান লাভ কৰিছে। এই তালিকাত ভাৰত, ইজিপ্ত আৰু তাজিকিস্তান ক্ৰমে অষ্টম, নৱম আৰু দশম স্থানত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments