ডিজিটেল ডেস্ক, ANEWS24X7: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত পৰাস্ত হ’ল ভাৰত ৷
বৃহস্পতিবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্রথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ হাতত ৯ ৰানত পৰাস্ত হয় ভাৰত ৷ মেচ খনত দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে ভাৰতৰ সন্মুখত ২৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল ৷
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত ৮ টা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাই হেনৰি ক্লাছেন আৰু ডেভিড মিলাৰৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ৪০ অভাৰত ৪টা উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰে।প্ৰত্যুত্তৰত ভাৰতে সঞ্জু ছেমছনৰ বিস্ফোৰক ৮৬ ৰান আৰু শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক অৰ্ধশতক স্বত্তেও নিৰ্ধাৰিত অভাৰত ২৪০ ৰানহে কৰিবলৈ সক্ষম হয়।
উল্লেখ্য ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ তিনিখন এদিনীয়া শৃংখলাৰ দ্বিতীয় এদিনীয়া খেলখন দেওবাৰে ৰাঁচীত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন এদিনীয়া ১১ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব।