ডিজিটেল ডেস্ক ANEWS24x7: এসপ্তাহ পূৰ্বৰ এটা খবৰ আৰু এসপ্তাহৰ পিছৰ আন এটা খবৰ । দুয়োটা খবৰে ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । পিছে প্ৰথমটো খবৰে যেনেকৈ প্ৰতিজন ভাৰতীয়ক যিমান গৌৰাম্বিত কৰিছে এসপ্তাহৰ পিছত প্ৰকাশ পোৱা আনটো খবৰটোৱে তেনেকৈ হতাশ কৰিছে প্ৰতিজন ভাৰতীয়ক ।
প্ৰথমটো খবৰ আহিল ব্ৰিটেইনক চেৰাই ভাৰত হ’ল বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতি ৷ খবৰটো বিয়পি পৰাৰ লগে লগে আনন্দিত হৈ পৰিছিল সকলো ভাৰতীয় ৷ ভাবিছিল সেই দিন আৰু দূৰত নাই ভাৰত হ’ব বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতিৰ গৰাকী ! সৰ্বত্ৰে হ’ল চৰ্চা ৷ পিছে এই গৌৰৱ , এই উৎসাহ বেছিদিন নাথাকিল ৷ যেন ভাৰতৰ গৌৰৱত লাগিল কাৰোবাৰ বেয়া চকু ৷
গৌৰৱৰ সেই খবৰৰ এসপ্তাহৰ পিছতে আহিল ভাৰতৰ বাবে এটা বেয়া খবৰ ৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এখন প্ৰতিবেদনে ভাৰতীৰ সেই উৎসাহ ক্ষন্তেকতে মহিমূৰ কৰিলে ৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে স্পষ্ট কৰিছে ভাৰতৰ পুতৌজনক অৱস্থাৰ এখন ছবি । ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী চমুকৈ ইউ এন ডি পিয়ে প্ৰকাশ কৰিছে এই বিশেষ প্ৰতিবেদনখন । প্ৰতিবেদনখন অনুসৰি বিশ্বৰ ১৯১ খন দেশৰ ভিতৰত ভাৰতে মানৱ উন্নয়ন সূচকত স্থান লাভ কৰিছে ১৩২ নম্বৰত ৷ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি মানৱ উন্নয়ন সূচকত ভাৰতৰ লাভ কৰিছে ০.৬৩৩ সূচক ।
উল্লেখ্য যে প্ৰতিবেদন খনে স্পষ্ট কৰিছে ভাৰতে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত কিমান পিছুৱাই গৈছে ৷ ইয়াৰ পূৰ্বে ২০২০ চনত প্ৰকাশিত প্ৰতিবেদনত ১৮৯ খন দেশৰ ভিতৰত ভাৰতে লাভ কৰিছিল ১৩১ সংখ্যক স্থানত। বিগত বৰ্ষত ভাৰতে লাভ কৰিছিল ০.৬৪৫ সূচক ।