ডিজিটেল ডেস্ক ANEWS24X7: মহামাৰী কৰ’ণাৰ পৰিস্থিতিৰ পিছত আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰতি আকৰ্ষণ বাঢ়িছে ভাৰতীয় শিক্ষাৰ্থী সকলৰ ৷ নতুন দিল্লীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ সূত্ৰ অনুসৰি চলিত বৰ্ষৰ মে মাহৰ পৰা আগষ্ট মাহলৈকে প্ৰায় ৮২,০০০ ভাৰতীয় শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে ভিছা ৷ এই সময়সীমাৰ ভিতৰত সৰ্বকালৰ অভিলেখ গঢ়িছে ভাৰতীয় শিক্ষাৰ্থী সকলে ৷
যোৱা শিক্ষাবৰ্ষত, ১,৭৭,০০০ ভাৰতীয় শিক্ষাৰ্থীক আমেৰিকাই ভিছা প্ৰদান কৰিছিল ৷ যোৱা শিক্ষা বৰ্ষৰ প্ৰথম চাৰি মাহত ৫৫,০০০ শিক্ষাৰ্থীয়ে ভিছা লাভ কৰিবলৈ সক্ষম হৈছিল ৷আমেৰিকাযুক্ত ৰাজ্যত পঢ়িবলৈ ভিছা লাভ কৰা বিদেশী শিক্ষাৰ্থীৰ ২০ শতাংশ ভাৰতীয় শিক্ষাৰ্থী । উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত বিকল্প ভাবে অন্যান্য দেশৰ শিক্ষাৰ্থী সকলৰ সমান্তৰালকে ভাৰতীয় শিক্ষাৰ্থী সকলে আমেৰিকাত শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷