Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰসংঘত আমেৰিকাক সমৰ্থন কৰিও বন্ধু ৰাছিয়াৰ পক্ষত থাকিল ভাৰত

ৰাষ্ট্ৰসংঘত আমেৰিকাক সমৰ্থন কৰিও বন্ধু ৰাছিয়াৰ পক্ষত থাকিল ভাৰত

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াই ইউক্ৰেইনৰ চাৰিটা অঞ্চল অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে৷ইয়াৰ পিছতে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ৰাছিয়াৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে পশ্চিমীয়া দেশসমূহে৷পশ্চিমীয়া দেশ সমূহে ৰাছিয়াই অনুষ্ঠিত কৰা গণভোটক ভুৱা আখ্যা দিছে৷

ৰাছিয়াৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘত বিৰোধিতা প্ৰস্তাৱ উত্থাপন কৰে ৷ আমেৰিকা আৰু আলবেনিয়াৰ দ্বাৰা উত্থাপন কৰা এই বিৰোধিতা প্ৰস্তাৱত বিশ্বৰ ১০ খন দেশে ভোট দান কৰিছিল ৷ এই ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে ভাৰত ৷ ভাৰতৰ উপৰিও চীন ব্ৰাজিল আৰু গেবন এই প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে৷অৱশ্যে আমেৰিকাৰ এই প্ৰস্তাৱত ভেটো ক্ষমতা প্ৰয়োগ কৰে ৰাছিয়াই ৷

আমেৰিকাৰ এই প্ৰস্তাৱক সঁহাৰি দি ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয় যে,‘‘ইউক্ৰেইনৰ শেহতীয়া ঘটনাৰ পৰিৱৰ্তনক লৈ ভাৰত গভীৰভাৱে চিন্তিত ৷ ভাৰত সদায় শান্তি আৰু সম্প্ৰীতিৰ পক্ষত থাকে ৷’’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে ,‘‘খেৰচন , জাপোৰিজিয়া , ডনেটস্ক আৰু লুহানস্ক এই চাৰিটা অঞ্চলৰ বাসিন্দাসকল এতিয়া ৰাছিয়াৰ নাগৰিক৷এই সকল নগৰিকে তেওঁলোকৰ পছন্দৰ বিষয়ে কৈছে৷এয়া লাখ লাখ জনতাৰ ইচ্ছা৷অঞ্চলটোৰ বাসিন্দাসকলৰ ৰাছিয়াৰ প্ৰতি প্ৰেম আছে ৷ এই একত্ৰীকৰণ স্থায়ী ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments