ডিজিটেল ডেস্ক,৫ অক্টোবৰ: এছিয়ান গেমছ ২০২৩ৰ দ্বাদশ দিনত ভাৰতৰ সবিশেষ ।বৰ্তমান মালয়েছিয়াৰ এন জি ইয়ান ইয়’ৰ বিৰুদ্ধে পুৰুষৰ একক স্কোয়াছ ফাইনেলত অৱতীৰ্ণ ভাৰতৰ সৌৰভ ঘোষাল । পুৰুষৰ কম্পাউণ্ড আৰ্চাৰী দলটোৱে এছিয়ান গেমছ ২০২৩ত ভাৰতৰ ২১ সংখ্যক সোণৰ পদক লাভ কৰিবলৈ সক্ষম ।দিপিকা পল্লিকল/হৰিন্দৰ পাল সিং সন্ধুৱে স্কোয়াছ (মিক্সড ডাবলছ)ত প্ৰথমটো সোণৰ পদক দখল কৰি ইতিহাস ৰচনা কৰিছে ।
এই পৰ্যন্ত এছিয়ান গেমছ ২০২৩ত ভাৰতে ২০টা স্বৰ্ণ পদক লাভ কৰিছে । ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰী দলে ২০২৩ চনৰ এছিয়ান গেমছত ১৯ সংখ্যক স্বৰ্ণ পদক লাভ কৰি দিনটোৰ এক সুন্দৰ আৰম্ভণি দিছিল ।প্ৰবীণ স্কোয়াছ খেলুৱৈ সৌৰভ ঘোষালেও একক ফাইনেলত অংশগ্ৰহণ কৰিব ।
মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিংজিয়াও হেৰ হাতত পৰাস্ত হোৱাৰ পিছতে ষ্টাৰ শ্বাটলাৰ পিভি সিন্ধুৱে এছিয়ান গেমছৰ আন এক পদক লাভৰ আশা ক্ষুব্ধ হৈ পৰে ।মহিলাৰ ফ্ৰীষ্টাইলি ক্ৰমে ৫৩ কেজি আৰু ৫০ কেজিত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজিব ভাৰতৰ অন্তিম পাংঘল আৰু মানসীয়ে ।দ্বাদশ দিনত ভাৰতে বতমান পৰ্য্যন্ত ৮৪ টা পদক লাব কৰে ।তাৰে ভিতৰত ২১টা সোণ, ৩১টা ৰূপ আৰু ৩২টা ব্ৰঞ্জ ।