ডিজিটেল ডেস্ক,ANEWS24X7 : শনিবাৰে নাগপুৰত অনুষ্ঠিত এক সভাত কৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
২০২৩ বৰ্ষত আন্তৰ্জাতিক বজাৰৰ অংশীদাৰিত্ব ২৩ বিলিয়ন আমেৰিকান ডলাৰলৈ দেশৰ আয়ুষ খণ্ডই সম্প্ৰসাৰণ কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী গৰাকীয়ে কয় যে, “আয়ুৰ্বেদ হৈছে ৫ হাজাৰতকৈও পুৰণি সমৃদ্ধ ঐতিহ্যৰ পৰা সৃষ্টি হোৱা এক উৎকৃষ্ট পদ্ধতি । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ভোকেল ফৰ লোকেল’ৰ বাবে থলুৱাভাৱে আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰি অহা লোকসকলেও লাভ কৰিছে উৎসাহ ।
যাৰ বাবে তেওঁলোকেও দেশৰ অৰ্থনীতিত অৰিহনা যোগাবলৈ সক্ষম হৈছে । আয়ুৰ্বেদৰ ব্যাপক গ্ৰহণযোগ্যতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰে যে, অইন ঔষধি খণ্ডবোৰৰ সৈতেই আয়ুৰ্বেদিকৰ বিশ্বব্যাপী গ্ৰহণযোগ্যতাই অতি শীঘ্ৰেই ভাৰতক এই ২৩ বিলিয়ন ডলাৰৰ অংশীদাৰিত্ব প্ৰদান কৰিব।”