ডিজিটেল ডেস্ক, ANEWS24X7: ফেচবুকৰ মূল সংস্থা মেতাই ১১০০০ জন নতুন কৰ্মচাৰীক কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কোম্পানীটোৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে বুধবাৰে এক পত্ৰৰ যোগে এই কথা ঘোষণা কৰাৰ পিছতে চিন্তিত হৈ পৰিছে ফেচবুকত কৰ্মৰত ভাৰতীয় কৰ্মচাৰী সকল ।
ব্যৱসায়িক বাতৰিৰ ৱেবছাইট টফ্লাৰৰ প্ৰতিবেদন অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা মেটাৰ উপাৰ্জন আছিল ২,৩২৪ কোটি টকা। যাৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা মেটাৰ উপাৰ্জন আছিল মাত্ৰ ১,৪৮৫ কোটি। ভাৰতত মেটাৰ ব্যৱসায় আগৰ বছৰবোৰৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।
আইএএনএছৰ এক প্ৰতিবেদন অনুসৰি, মেটাৰ নতুন ছাঁটাই পদ্ধতিৰ বাবে কোম্পানীটোত কাম কৰা বহুভাৰতীয়ই চাকৰি হেৰুৱাব। অৱশ্যে, সঠিক সংখ্যা টো এতিয়াও নিশ্চিত হোৱা নাই। বৰ্তমান, মেতাই ভাৰতত মুঠ 400 কৰ্মচাৰী নিয়োগ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, মেটাৰ কৰ্মচাৰীসকলক ছাঁটাই কৰাৰ বিষয়ে এতিয়াও কেৱল অনুমান কৰা হৈছে